
গুৱাহাটীঃ দেশৰ প্ৰথমখন ই-বাজেট উত্থাপন হ’ব অসম বিধান সভাত৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিব এই বাজেট৷ অসম বিধান সভাত সোমবাৰে তৃতীয় খন বাজেট ই-বাজেট ৰূপে উত্থাপন কৰিব৷
Report on #AssamEBudget in The Hindu Business Linehttps://t.co/Zz4b6DO0PL #AssamBudget2018
— Finance Dept, Govt of Assam (@AssamFinDept) March 12, 2018
বাজেটৰ প্ৰতিটো কথা গুগল এপ’ত চাব পাৰিব জনসাধৰণে৷ কম্পিউটাৰ আৰু টেবলেট আদিত উপলদ্ধ হ’ব বাজেট৷ সোণোৱাল চৰকাৰৰ এই খন বাজেট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব৷ কিয়নো ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এই বাজেটে যথেষ্ট প্ৰভাৱ পেলাব৷ হিমন্ত বিশ্ব শৰ্মাই এইখন বাজেট সকলোতে উপলদ্ধ হ’ব বুলি কৈ আনকি গুগল এপ’ৰ চাব পৰাৰ লগতে পেন ড্ৰাইভতো বাজেট ভৰাই নিব পাৰিব বুলি কয়৷
As we begin the day, we wish to start by acknowledging fine work by the Team behind e-Budget at the Finance Department.
— Finance Dept, Govt of Assam (@AssamFinDept) March 12, 2018
Three cheers for you all! Good morning pic.twitter.com/POa3AcSHPS
পুৱা ১০.৩০ বজাৰ পৰা অসম বিধান সভাত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৮-২০১৯ চনৰ বাজেট দাখিল কৰিব৷ এই খন বাজেট খনক ডিজিটেল বাজেট আখ্যা দিয়া হৈছে৷ বাজেট যাতে সাধাৰণ মানুহে চাব পাৰে তাৰ বাবে চৰকাৰে এপছ’ত বাজেট খন উপলদ্ধ কৰিব৷
Media reports on press conference by Hon Minister Dr @himantabiswahttps://t.co/pGNf3Aju9Y
— Finance Dept, Govt of Assam (@AssamFinDept) March 12, 2018
আনহাতে হিমন্ত বিশ্ব শৰ্মাই পুৱাই টুইট কৰি মই অসম বিধান সভাত তৃতীয় খন বাজেট দাখিল কৰিবলৈ সাজু হৈছো বুলি কয়৷ এইখন বাজেটৰ প্ৰভাৱ দীৰ্ঘ সময়লৈ পৰিব৷ অসমৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে প্ৰচেষ্টা কৰা হ’ব বুলিও কয়৷