নলবাৰী চহৰৰ মূল পথত ই-ৰিক্সাৰ চলাচল বন্ধ কৰাৰ নিৰ্দেশ জাৰি জিলা উপায়ুক্তৰ

নলবাৰীঃ নলবাৰী চহৰত বিগত কিছুদিন ধৰি ই-ৰিক্সাৰ চলাচলে চহৰখনত যানজোঁটৰ সৃষ্টি কৰি অহাৰ পৰিপ্ৰেক্ষিততে শনিবাৰে জিলা উপায়ুক্তই এক নিৰ্দেশ যোগে চহৰখনৰ মূল পথ সমূহত ই-ৰিক্সাৰ চলাচল বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে৷

জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে এন এম - ২/২০০৫/৩৩-এ নম্বৰ যোগে এই নিৰ্দেশ জাৰি কৰে৷ চহৰখনৰ হৰি মন্দিৰৰ পৰা পোষ্ট অফিচ চ'ক, বড়ো মজিদ চ'কৰ পৰা পুৰনা ডি· টি· অ· অফিচলৈ, পোষ্ট অফিচৰ পৰা গৰ্ডন স্কুল তিনিআলি, পোষ্ট অফিচৰ পৰা বীৰেন গেৰেজ তিনিআলি, পি এন চি ৰোড, জৈন মন্দিৰৰ পৰা নলবাৰী কলেজ চ'ক, ফৰেষ্ট অফিচ তিনিআলিৰ পৰা ভকতপাৰা ৰোড আৰু ৰেলৱে ক্ৰচিং হৈ হৰি মন্দিৰ তিনিআলিলৈ এইসমূহ পথত প্ৰৱেশ বন্ধ কৰে৷

সম্প্ৰতি বীৰেন গেৰেজৰ ওচৰত থকা টেম্পো ষ্টেণ্ডটোৰ পৰা সাধাৰণ ৰাইজ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে বিগত সময়ছোৱাত দৈনিক যানজোঁটৰ সমস্যাত ভুগি আহিছে যদিও এই ক্ষেত্ৰত জিলা প্ৰসাশনে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷