
নগাঁওঃ দেশৰ অগ্ৰণী বেচৰকাৰী সংস্থা প্ৰথম এডুকেচ’ন ফাউণ্ডেচনৰ উদ্যোগত বিগত প্ৰায় কুৰি বছৰো অধিক কাল ধৰি সমগ্ৰ দেশত পৰ্যায়ক্ৰমে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধি আৰু মানসিক উৎকৰ্ষ সাধনৰ অৰ্থে কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে৷ যোৱা ৪ মে’ত নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ এলেকাৰ শ্বহীদ নৰেন্দ্ৰ নাথ স্মৃতি বিদ্যাপীঠত এখন শিক্ষা মেলাৰ লগতে শিশু উদ্গনি সভা অনুষ্ঠিত কৰে৷
বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা আহি সমবেত হোৱা শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু অভ্যাগতৰ উপস্থিতিৰে অনুষ্ঠানস্থলীত উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়৷ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাৰ পৰা একাদিক্ৰমে দ্বিতীয় মানৰ পৰা অষ্টম শ্ৰেণীলৈকে অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত চিত্ৰাংকন, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা আৰু ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পিছতে বিশিষ্ট নাট্যকৰ্মী লক্ষীনাৰায়ণ ৰচনা আৰু শিক্ষক ৰাজুমনি ডেকাৰ পৰিচালনাৰে কণ কণ শিশুসকলৰ দ্বাৰা একাংক নাট ‘সংকল্প’ মঞ্চস্থ কৰা হয়৷
বিয়লি ১ বজাৰ পৰা ছাত্ৰী হিৰোস্মিতা শইকীয়াৰ সঞ্চালনাত এখন শিশু সভা অনুষ্ঠিত কৰা হয়৷ ছাত্ৰী চিমি দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা ছাত্ৰী বিন্দিতা বৰা, হৃষিকেশ ডেকা, ৰোমান্টিকা বৰা, জিজ্ঞাসা শইকীয়া, হেমন্ত নাথ, উদ্দিত প্ৰসাদ ভৰালী আৰু ধীৰাজ ডেকাই বিশিষ্ট অতিথি হিচাপে শিক্ষাত পুথিভঁৰালৰ প্ৰয়োজনীয়তা, সময় আৰু নিয়মানুবৰ্তিতা, শিক্ষাৰ ক্ষেত্ৰত অভিভাৱকৰ ভূমিকা, শিক্ষাত বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা, শিক্ষাত শিশুৰ মৌলিক অধিকাৰ আৰু শিক্ষাৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱৰ দৰে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে৷
শিক্ষা মেলাত আমন্ত্ৰিত অতিথি হিচাপে খাগৰিজান প্ৰাথমিক শিক্ষা খণ্ডৰ মণ্ডল সমন্বয়ক পৱনজ্যোতি বৰা, নৰেন ডেকা, হাতীচোং শিক্ষক কেন্দ্ৰৰ সম্পাদক শিৱ প্ৰসাদ ভৰালী, শিক্ষক বিচিত্ৰ ডেকা, বিৰিঞ্চি ৰাজবংশী, প্ৰথমৰ নগাঁও জিলা সমন্বয়ক মুকুট বৰা, খণ্ড সমন্বয়ক ৰুহিত চন্দ্ৰ বৰা, প্ৰসন্ন মহন্ত, লুইত মহন্ত আৰু লক্ষীকান্ত কাকতিকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে৷