চেঙাত সমাজকৰ্মী কুতুবুদ্দিন আহমেদক স্মৰণ, শিক্ষাই সৎ লোকৰ সৃষ্টি কৰে

পূৱ বৰপেটাঃ সৎ আৰু বিদ্বান লোকৰ সৃষ্টি কৰিব লাগিব শিক্ষানুষ্ঠানে৷ শিক্ষানুষ্ঠানে সৎ আৰু বিদ্বান লোকে সৃষ্টি হলেহে সমাজত প্ৰকৃত শান্তি স্থাপন হ’ব। প্ৰকৃত শিক্ষাহে ছাত্ৰ-ছাত্ৰীক দিয়া উচিত। যি শিক্ষাই ছাত্ৰ-ছাত্ৰীক সামৰ্থ্যৱান কৰে৷ যি শিক্ষাই ছাত্ৰ-ছাত্ৰীক সামৰ্থ্যৱান কৰি তুলিব নোৱাৰে সেই শিক্ষাৰ সমাজত মুল্য অসাৰ। প্ৰকৃত মানুহ গঢ়ি তুলিব পৰা শিক্ষা দিয়াৰ দ্বায়িত্ব শিক্ষানুষ্ঠানৰ আজিও আছে। এই বক্তব্য যোৰহাটৰ জেবি কলেজৰ অধ্যাপক ড০ নুৰুল আমিনৰ।

দেওবাৰে বৰপেটা জিলাৰ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সত্যেন্দ্ৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত কুতুবুদ্দিন আহমেদ আৰু নুৰুন নেছা স্মৃতিচাৰণ সভাত অতিথি হিচাপে উপস্থিত থাকি ড০ নুৰুল আৰু কয় ''ছাত্ৰ-ছাত্ৰীক অপকৰ্মত জড়িত কৰাই বাহ্যিক কৃতিত্ব অৰ্জন কৰি সমাজৰ পৰা বাঃ বাঃ বুটলাৰ চেষ্টা কৰা শিক্ষানুষ্ঠানৰ সমাজত একো অৱদান নাই। সমাজৰ দ্বায়িত্ববোধ পালনত, সমাজৰ উন্নতি সাধনত শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠানতকৈ অধিক প্ৰাসংগিক।

আধ্যাত্মিক আৰু নৈতিকতাৰ শিক্ষাই সৎ আৰু বিদ্বান লোকৰ সৃষ্টি কৰে। সমাজৰ উত্তোৰণৰ সবৰ্বদিশত মানৱতাৰ জ্ঞান প্ৰজ্বলিত কৰে''। চেঙা অঞ্চলৰ বহুমুখী প্ৰতিভাৰ আদৰ্শ শিক্ষক তথা কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী কুতুবুদ্দিন আহমেদৰ কৰ্মৰাজীক সোৱৰাৰ উদ্দেশ্য অনুষ্ঠিত স্মৃতিচাৰণ সভাৰ লগত সংগতি ৰাখি ৰেডিয়েন্স ফাউণ্ডেছনৰ উদ্যোগত উচ্চ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় ভিত্তিত হাজী নিচাৰ আলী সোঁৱৰণী প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৪০০১ টকা, মানপত্ৰ আৰু কিতাপৰ টোপোলা লাভ কৰে টিহুৰ স্বামী বিবেকানন্দ বিদ্যা নিকেতনৰ দ্বীপ শিখৰ কলিতা আৰু ধৃতিৰাজ মেধিয়ে। দ্বিতীয় পুৰস্কাৰ ৩০০১ টকা, মান পত্ৰ সহ কিতাপৰ টোপোলা লাভ কৰে খংৰাৰ আল হিল্লাল একাডেমীৰ আচিক ইকবাল আহমেদৰ দলে। সোঁৱৰণী সভাৰ লগত সংগতি ৰাখি কাৰিকৰী শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক ড০ নজৰুল হকৰ সম্পাদনাত ''স্মৃতিকথা'' নামৰ এখন সোঁৱৰণী গ্ৰন্থ উন্মোচনী কৰা হয়।

''স্মৃতিকথা''ত শিক্ষাবিদ কুতুবুদ্দিনৰ পৰিয়ালৰ উপৰিও সমাজৰ বিভিন্ন ধৰণৰ দিশ সন্নিৱিষ্ট কৰা হৈছে বুলি সম্পাদনা ড০ নজৰুল হকে জনায়। গ্ৰন্থখন উন্মোচন কৰে অসমীয়া সাহিত্য সন্মিলনীৰ কাৰ্যবাহী সদস্য তথা লেখক ব্ৰজেন্দ্ৰ নাথ তালুকদাৰে। সভাত কুতুবুদ্দিনৰ কনিষ্ঠ ভাতৃ অৱসৰপ্ৰাপ্ত শিক্ষক নছিমুদ্দিন আহমেদ, নুৰুন নেছাৰ ককায়েক তথা সৰবৰাহী ব্যক্তি চৰফুদ্দিন আহমেদ, নলবাৰী কলেজৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা কনিষ্ঠ ভাতৃ মইনুদ্দিন আহমেদৰ লগতে চেঙাৰ লগতে পূৱ বৰপেটাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ৫০০ লোক উপস্থিত থাকে। সভাৰ অন্তত সলাগৰ শৰাই আগবঢ়ায় গুৱাহাটী বেলতলা কলেজৰ প্ৰৱক্তা মফিদা বেগমে৷