কাৰ্বি আংলঙৰ ঈদগাহত অভিজিৎ-নীলোৎপল বাবে দোৱা ইছলামধৰ্মীৰ, উলহ-মালহেৰে ঈদ পালন

newsnextone.com | ডিফুঃ সমগ্ৰ দেশৰ লগত কাৰ্বি আংলং জিলতো বিভিন্ন ঠাইত শনিবাৰে পবিত্ৰ ঈদৰ নামজ আদায় কৰে ৰাইজে৷ জিলা খনৰ সদৰ চহৰ ডিফুতকে ধৰি কেইবাঠাইত ইছলামধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ ঊল ফিতৰ উলহ-মালহেৰে পালন কৰে৷ এমাহযোৰা সংযম আৰু ধৈৰ্যৰে ৰমজানৰ ৰোজা পালন কৰাৰ পিছত পবিত্ৰ ঈদ ঊল ফিতৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকল যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়৷ 

ডিফু মছজিদত সমবেত হোৱা প্ৰায় ৩০০০ ভক্তপ্ৰাণ লোকৰ উপস্থিতিত পুৱা ৮ বাজি ৫০ মিনিটত ইমাম মৌলানা আলহাজ গিয়াছ উদ্দিন কাছিমিয়ে ঈদ ঊল ফিতৰৰ ২ ৰাকাত ৱাজিব নামাজ সম্পণ্ণ কৰে৷ নামাজৰ শেষত মৌলানা গিয়াছ উদ্দিন কাছিমিয়ে ৰোজা পালনকাৰীসকলৰ ৰোজা আৰু প্ৰাৰ্থনা নেদেখা জনে গ্ৰহণ কৰাৰ লগতে সমগ্ৰ বিশ্বৰ আৰু কাৰ্বি আংলঙত শান্তি-ভাতৃত্ববোধ আৰু মৈত্ৰীপূৰ্ণ পৰিবেশ গঢ়ি উঠাৰ বাবে প্ৰাৰ্থনা কৰে৷ 

আনহাতে অভিজিৎ-নীলোৎপলৰ নাৰকীয় হত্যাকাণ্ডক গৰিহণা দিয়ে আৰু এনে কাৰ্যৰ যাতে পুণৰাবৃতি নহয় আৰু অভিজিৎ-নিলোৎপলৰ আত্মাই যাতে জান্নাতত স্থান পায় তাৰ বাবে সমূহীয়া প্ৰাৰ্থনা জনায়৷ ঈদৰ নামাজৰ শেষত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইতিপূৰ্বে ইহলীলা সম্বৰণ কৰা সকলো লোকৰে আত্মাৰ সদগতিৰ বাবে পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা জনায়৷ ইজনে-সিজনক স্নেহালিংগণ কৰি ঈদৰ শুভেচ্ছে জ্ঞাপন কৰে৷ ধৰ্মপ্ৰাণ লোকসকলে পবিত্ৰ ঈদৰ মূহুৰ্তত দুখীয়া-নিচলাক দান-খায়ৰাত কৰি ধনীৰ ওপৰত থকা দুখীয়াৰ হক আদায় কৰে৷