কমলপুৰত পবিত্ৰ ঈদ পালন

কমলপুৰঃ আজি পবিত্ৰ ঈদ-উজ-জোহাৰ দিনা কমলপুৰ কেন্দ্ৰীয় ঈদ পৰিচালনা সমিতিৰ সৌজন্যত কমলপুৰ ঈদ ময়দানত ৰাতিপুৱা ৮-৩০ বজাত ইছলামিক লোক সকলে দুই ৰাকাত ওৱাজিব নামাজ সমাপন কৰা হয়।

এই নামাজত ঈমামতি কৰে কমলপুৰ হাই মাদ্ৰাছাৰ শিক্ষক আব্দুল হাই চাহাবে। নামাজৰ অন্তত বিশ্ব শান্তি প্ৰগতি আৰু ভাতৃতব বোধৰ বাবে সমূহীয়াকৈ দোৱা কৰা হয়।