
ধুবুৰীঃ ধুবুৰী জিলাৰ জৰুৱাবন্দিহানা গাঁও পঞ্চায়ত সমবায় সমিতিৰ নিৰ্বাচন যোৱা ১৭ অক্টোবৰত অনুষ্ঠিত হৈ যায়৷ দেওবাৰ ভোট গণনা কৰা হয়৷ ফলাফল অনুসৰি ১৪গৰাকী সদস্যই শেষ হাঁহি মাৰে৷ ১৪গৰাকী সদস্যৰ ভিতৰত এগৰাকী শিক্ষকো জয়ী হয়৷
পানবাৰীস্থিত জৰুৱা বন্দিহানা সমবায় সমিতি নিৰ্বাচনত এজন প্ৰৰ্থীৰ মনোনয়ন বাতিল হোৱাত ১৪টা সদস্য পদত নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ মূঠ ২৮জন প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত হৈছিল নিৰ্বাচন৷ দেওবাৰে বিজয়ী ১৪ জন প্ৰাৰ্থীয়ে সভাপতি নিৰ্বাচন কৰে৷ সভাপতি পদত শিক্ষক লাল মিঞাক নিৰ্বাচন কৰে ১৪ জন প্ৰাৰ্থীয়ে৷
চৈধ্যজন সদস্যৰ ভোটত শিক্ষক লাল মিঞাই ১০টা ভোট লাভ কৰে৷ আনহাতে বিৰোধী পক্ষৰ আজগৰ আলীয়ে চাৰিটা ভোট লাভ কৰিবলৈ সক্ষ্ষম হয়৷ লাল মিঞা হৈছে অপ্ৰাদেশীকৃত চিৰাখোৱা শিশু কল্যান প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক৷ আজিৰ পৰা শিক্ষকতা এৰি ৰাইজৰ সেৱাত নামিব বুলি ঘোষণা কৰে লাল মিঞাই৷