নিৰাপত্তাৰক্ষীৰ বেহুত কটহগুৰি সমবায় সমিতিৰ নিৰ্বাচন

নগাঁওঃ ৰাজনীতি এতিয়া শংকা আৰু আতংকৰ কাৰণ নেকি৷ ৰাজনীতি তথা ভোট মানেই হিংসাত্মক ঘটনা হোৱাৰ আশংকা থাকে নেকি৷ ক্ষমতাৰ বাবে মানুহবোৰে সকলো সীমা অতিক্ৰম কৰে নেকি৷ এনেই প্ৰশ্ন উদয় হৈছে মানুহৰ মনত৷ সাধৰণ সমবায় সমিতিৰ নিৰ্বাচনত আৰক্ষীৰ পহৰা দিয়াৰ দৃশ্য প্ৰত্যক্ষ কৰি এই প্ৰশ্ন উত্থাপন হৈছে মানুহৰ মনত৷ বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰ উপস্থিতিত নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হৈছে নগাঁৱত৷

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কটহগুৰি সমবায় সমিতি খনৰ নিৰ্বাচন আৰু ভোট গণনা যোৱা ২২ এপ্ৰিলত সম্পন্ন হয়। নগাঁও জিলা সমবায় সমিতি সমূহৰ উপ-পৰিদৰ্শক মিন্টু মেধিৰ উপস্থিতিত অতি কটকটীয়া নিৰাপত্তাৰ মাজেৰে নিজ টুকটুকী মোক্তাৱ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হোৱা নিৰ্বাচন আৰু ভোট গণনা প্ৰক্ৰিয়া নিশা প্ৰায় ৮.৪৫ বজাত শান্তি-শৃংখলাৰে সমাপ্ত হয়। 

সমবায় খনৰ নিৰ্বাচনত (ক) শাখাত ১৪ জন অংশীদাৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল যদিও তাৰ মাজত ছামচুল হক, আবুল হুছেইন, ৰমজান আলী, জিন্নত আলী, ইজ্জত আলী, ফকৰ উদ্দিন, জহিৰুল ইছলাম, নুৰুল আমিন জয়ী হয়। আনহাতে (খ) শাখাত আবুল কাছেম, ছলিম উদ্দিন, ফকৰ উদ্দিন, শ্বহিদুল ইছলাম আৰু অনুসূচীত জাতি-জনজাতিৰ সংৰক্ষিত ভৰত চন্দ্ৰ শইকীয়া আৰু মহিলাৰ সংৰক্ষণ আসনত মনোৱাৰা বেগম আৰু গোচনেহাৰ খাতুন বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়।