কলাবিলত লাইট আছে পোহৰ নাই, দৰিদ্ৰ পৰিয়ালে পৰিশোধ কৰিব লাগিব হাজাৰ হাজাৰ টকাৰ বিল

তেজপুৰ টাউনঃ লাইট আছে এবছৰে পোহৰ হে নাই৷ বিদ্যুতৰ পোহৰ পাম বুলি ৰৈ থাকোতেই ৬ বছৰ গল শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ কলাবিল গাঁৱত৷ জকাইচুকত বিদ্যুতৰ আহ-যাহ যেনেদৰে সাধাৰণ কথা তেনেদৰে বছৰ বছৰ ধৰি ট্রান্সফর্মাৰ বিকল হৈ পৰি থকাটো যেন সাধাৰণহে কথা৷

যদি কোনো প্ৰভাৱশালী লোক, নেতা-আমোলাৰ এলেকাত বিদ্যুতৰ আহ-যাহ হয় নতুবা ট্রান্সফর্মাৰ বিকল হয় তেতিয়া নিশাৰ ভিতৰতে সকলো ঠিক হৈ যায়৷ কিন্তু শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ কলাবিল গাঁৱৰ ট্রান্সফর্মাৰটো প্ৰায় ৬ বছৰ পূৰ্বে বিকল হোৱাৰ পিছতো আজিলৈ মেৰামতিও নহল নতুন ট্রান্সফর্মাৰ আহি নাপালে।

ৰাইজে বিদ্যুৎ বিভাগক বহুবাৰ ট্রান্সফর্মাৰটো মেৰামতি কৰিবলৈ কাকুতি মিনতি কৰিলে যদিও ফল নধৰিলে। যাৰ বাবে ৬ বছৰে অন্ধকাৰত থাকিল ৰাইজ। সাধাৰণ ম’বাইলৰ বেটাৰী চাৰ্জ কৰিবলৈ যাব লাগে অইন গাঁৱলৈ। ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাত অসুবিধা। তাৰ মাজতে বিভাগটোৱে প্ৰেৰণ কৰিলে হাজাৰ হাজাৰ টকাৰ বিল৷

শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ ৰঙাপৰা উপ-বিদ্যুৎ সংমণ্ডলে বিদ্যুৎ সেৱা বন্ধ হৈ থকাৰ পিছতো হাজাৰ হাজাৰ টকাৰ বিল প্ৰৰণ কৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷ চতিয়া বিধানসভা সমষ্টিৰ চাহ শ্ৰমিকৰ বসতি প্ৰধান কলাবিল গাঁৱত যোৱা ৬ বছৰ ধৰি বিদ্যুৎ সেৱা বন্ধ হৈ থকাৰ পিছতো বিদ্যুৎ বিভাগে বিল প্ৰেৰণ কৰাত বিভাগৰটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷

উল্লখ্য যে, বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ গাঁও খনৰ লোকে আৱেদন-নিবেদন কৰাৰ অন্তত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৰঙাপৰাৰ ৩নং কলাবিল গাঁৱত ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ জৰিয়তে বিদ্যুৎৰ সংযোগ দিছিল৷ বিধায়কৰ খাতিৰত গাঁ খনত বিদ্যুতৰ সৰংযোদ দিলে থিকেই কিন্তু প্ৰায় এটা বছৰৰ পিছতেই ট্ৰান্সফৰ্মাৰ বিকল হয়৷

২০১২ চনতেই গাঁও খনৰ ট্ৰান্সফৰ্মাৰটো বিকল হয় যদিও কলাবিলৰ ৰাইজ পুনৰ বঞ্চিত হয় বিদ্যুতসেৱাৰ পৰা। ৰাইজে ৰঙাপৰাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় আৰু তেজপুৰ সদৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বহুবাৰ কাকুতি মিনতি কৰাৰ পিছতো আজি পৰ্যন্ত বিকল ট্ৰান্সফৰ্মাৰ মেৰামতি তথা নতুন ট্ৰান্সফৰ্মাৰ হাঁঠি নিদিয়াৰ ফলত বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত ৰাইজ৷

সম্পূৰ্ণ ৬টা বছৰ অন্ধকাৰত দিন অতিবাহিত কৰাৰ সময়তে বিদ্যুৎ বিভাগে বিদ্যুত সেৱা যোগান নধৰিলেও বিল প্ৰেৰণ কৰিবলৈ পাহৰা নাই৷ গাঁও খনৰ প্ৰায় ২৬টা পৰিয়ালক ৮০০০-১২০০০ হাজাৰ টকা পৰ্যন্ত বিল প্ৰেৰণ কৰে৷ কোনো পৰিয়ালক বিল আদায়ৰ বাবে জাননীও প্ৰেৰণ কৰে। 

যাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ। দিন হাজিৰা কৰি কোনোমতে পেটে ভাতে খাই জীৱন অতিবাহিত কৰা দৰিদ্ৰ লোকসকলে বিল কিদৰে পৰিশোধ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে৷ আনহাতে ২০১২ চনৰ পৰা ৬ বছৰ বিদ্যুৎ সংযোগ ব্যাহত থকাৰ পিছত ২০১৮ চনত হঠাৎ হাজাৰ হাজৰ টকাৰ বিল প্ৰেৰণ কৰাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাও ক্ষোভিত হৈ পৰিছে৷

সংগঠনটোৱে বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডত ক্ষোভিত হৈ শীঘ্ৰে শক্তি মন্ত্ৰীক বিহিত ব্যৱস্থা লবলৈ দাবী জনায়৷ অন্যথাই বিজেপি চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়াই নহয় ভোট বৰ্জনৰো হুংকাৰ দিয়ে সংগঠনটোৱে।