
বেতবাৰীঃ শিৱসাগৰ জিলাৰ ঐতিহাসিক বকতা মৌজাৰ ৬ খনকৈ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ঘৰত জ্বলিল বিজুলী বাতি৷ মঙলবাৰে দিনদয়াল গ্ৰাম্য বৈদ্যুতিক আঁচনিৰ অধীনত বিজুলী সংযোগ দিয়ে চৰকাৰে।যাৰ ফলত পোহৰ আহিল গাঁৱলৈ। বছৰ বছৰ ধৰি পোহৰ নেদেখা গাঁওবাসীয়ে দেশ স্বাধীন হোৱাৰ প্ৰায় ৭৫ বছৰ পিছতহে পোহৰ দেখা পালে।
থাউৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ভৱেন্দ্ৰ নাথ মহন, ডিমৌ উপ-সংমণ্ডলৰ সহকাৰী অভিযন্তাৰ উপস্থিতিত জি বকতা অঞ্চলৰ সন্দিকৈ গাঁও, সন্দিকৈ চুক, অভয়াপুৰী টিং, নকটানী, মৌ ছাল আৰু চুতীয়া কাতনি গাঁৱত দিনদয়াল গ্ৰাম্য বৈদ্যুতিক আঁচনিৰ অধীনত বিজুলী সংযোগ কৰা হয়।
আনহাতে ঐতিহাসিক বকতা অঞ্চলৰ গাঁওবাসীয়ে চৰকাৰৰ উদ্যোগত লোৱা আঁচনিৰ এনে পদক্ষেপক আদৰণী জনাই। চৰকাৰ আহিছে আৰু গৈছে যদিও শিৱসাগৰ জিলাৰ অন্তৰ্গত ঐতিহাসিক তথা ইতিহাসপ্ৰসিদ্ধ বকতা অঞ্চলৰ বহু গাঁৱৰ ৰাইজে বিদ্যুতৰ সংযোগৰ পৰা বঞ্চিত হৈ আহিছিল। চৰকাৰে গ্ৰাম্য বৈদ্যুতিক আঁচনিৰ জৰিয়তে গাঁও সমূহত বিদ্যুতৰ সংযোগ দিয়াত আনন্দিত হৈ পৰে৷