
বঢ়মপুৰঃ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে ৰাজ্যত পুনৰ প্ৰাণ হেৰুৱালে এজন লোকে৷ এই বাৰ নগাঁও জিলাৰ চামগুৰিৰ লাওঁখোৱাৰ ভূৰবন্ধাত চামচুল হক নামৰ দৰিদ্ৰ পৰিয়ালৰ লোক এজনে প্ৰাণ হেৰুৱায়৷ জানিব পৰা মতে, পুৱতি নিশা বিছনা এৰি চামচুল হকে পথত দাতিৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত পূৰ্বৰ পৰা ছিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাৰ ভৰিত লগাত কিছু সময় পিছতে চামচুলৰ মৃত্যু হয়৷
গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীত জমা হোৱা পানীৰ লগতে, পথৰ দাতিৰ জংঘল, পুখুৰীৰ পাৰত বিদ্যুৎৰ তাৰ ছিঙি পৰি থকাৰ ফলত নৱবিবাহিত দম্পত্তিৰ লগতে, কিশোৰ, ছাত্ৰী ব্যৱসায়ী সহিতে এতিয়ালৈ ৰাজ্যত প্ৰায় ৭০ গৰাকী লোকৰ মৃত্যু হৈছে৷ ৰাজ্যত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠনে৷ ৰাজ পথ উত্তাল কৰাৰ পিছতো গুৰুত্ব সহকাৰে লোৱা নাছিল ৰাজ্য চৰকাৰে৷
শক্তি মন্ত্ৰী পল্লৱ লোচন দাসে ইমান মানুহ মৃত্যু হোৱাৰ পিছতো সতীৰ্থ মন্ত্ৰীৰ শিক্ষকক লোৱা খতিয়ান অনুষ্ঠানত উপস্থিত থাকি হাঁহ বাগৰি পৰো পৰো অৱস্থা হৈছিল৷ নিজৰ বিভাগৰ গাফিলতিৰ বাবে প্ৰায় ৭০গৰাকী লোকৰ প্ৰাণ যোৱাৰ পিছতো প্ৰাণ খুলি হাঁহব পাৰিছিল মন্ত্ৰী পল্লৱে৷ ইমান কেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো একো শিক্ষা যেন নললে৷
কিয়নো আজিও ৰাজ্যত বিভিন্ন ঠাইত তাৰ ছিঙি পৰি থকাৰ খবৰ প্ৰচাৰ হৈ আহিছে৷ তাৰ মাজতে চামগুৰিৰ লাওঁখোৱাৰ ভূৰবন্ধাত বহস্পতিবাৰে মাটিত পৰি থকা তাৰে এজন লোকৰ মৃত্যু হয়৷ দীৰ্ঘদিন ধৰি দুৰ্বল তাঁৰেৰে তথা বাঁহৰ খুটাৰে বিদ্যুৎ যোগান ধৰি অহাৰ বাবে ইতিমধ্যে ৰূপহীহাটৰ বিভিন্ন স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পথৰ ওপৰত পৰি থকাৰ ঘটনা সংঘটিত হৈ আহিছে।
তাৰ পিছতো বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবেই লাওখোৱাত পুনৰ এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ আনহাতে দৰিদ্ৰ পৰিয়ালটোক দহ লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে চামগুৰিৰ ভূৰবন্ধাৰ ৰাইজে।