
Image for Representation
লংকাঃ হোজাই জিলাৰ লংকাৰ নখুটিত এটি কিশোৰ বিদ্যুৎস্পৃষ্ট হৈ নিহত হয়। নিহত কিশোৰটিক সমৰ শীল(১৫) বুলি জানিব পৰা গৈছে।
নিজ ঘৰৰ ওচৰতে বিদ্যুতৰ কাম কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয় কিশোৰজন। পৰিয়াল তথা ওচৰ চুবুৰীয়াই সমৰ শীলক সংকটজনক অৱস্থাত হাম হস্পিতালত ভৰ্তি কৰে যদিও কিছু সময় পাছতে মৃত্য়ু হয় কিশোৰটিৰ।