দেহত গুলী লৈ চটফটাই ঘুৰি ফুৰিছিল হাতীয়ে, দেহৰ পৰা ওলাল বন্দুকৰ গুলী

বালিপৰাঃ মৰণোত্তৰ পৰীক্ষাৰ অন্তত বনৰীয়া হাতীৰ দেহৰ পৰা বন্দুকৰ গুলী উদ্ধাৰ হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শোণিতপুৰ জিলা চাৰিদুৱাৰত৷ শোণিতপুৰ জিলাত হাতী মানুহৰ সংঘাট অব্যাহত থকাৰ সময়তে দেওবাৰে পুৱাই এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়৷ প্ৰথমে হাতীটো ৰোগত মৃত্যু হোৱা বুলি সন্দেহ কৰা হয় যদিও মৰণোত্তৰ পৰীক্ষাৰ অন্তত হাতীটোৰ দেহৰ পৰা বন্দুকৰ গুলী উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে৷

অনুমান কৰা মতে হাতীটোৰ দেহত কিছুদুন পূৰ্বে গুলী মাৰি চোৰাং চিকাৰীয়ে৷ বন বিভাগৰ লোকৰ গাফিলতিৰ বাবে এতিয়া চোৰাং চিকাৰীয়ে যেতিয়াই ইচ্ছা তেতিয়াই জীৱ-জন্তু গুলীয়াই মাৰিব পাৰে বুলি অভিযোগ উত্থাপন কৰে একাংশ লোকে৷

বন বিভাগে গুলী লগা হাতীটোৰ স্বাস্থ্যৰ কথা অৱস্থিতি সন্দৰ্ভত অৱগত নোহোৱাত প্ৰশ্ন উত্থাপন কৰে ৰাইজে৷ দায়িত্ব পালনত ব্যৰ্থ বিভাগটোৰ চকুৰ সন্মুখতে এতিয়া হাতী, গঁড় হত্যা হৈ আহিছে৷ হাতীটোক চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সন্দেহ কৰা হৈছে যদিও বন বিভাগে পথাৰত ধান খাব যাওঁতে কোনো লোকে হস্ত নিৰ্মিত বন্দুকৰ গুলী মৰা বুলি কয়৷ চাৰিদুৱাৰৰ চটাইত শনিবাৰে নিশা হাতীটোৰ মৃত্যু হৈছিল৷ একাংশ লোকে চটাইৰ পথাৰত পথৰ দাতিত হাতীটো পৰি থকা প্ৰত্যক্ষ কৰি বন বিভাগত খবৰ দিয়ে৷  লয়৷