মিছামাৰীত বন্যহস্তীৰ উপদ্ৰব ৰোধত ব্যৰ্থ বন বিভাগ

মিছামাৰীঃ শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যৰ বনৰীয়া হাতী বনাঞ্চলৰ পৰা প্ৰস্থান কৰি খাদ্যৰ সন্ধানত মাজে সময়ে কাষৰিয়া শিঙৰী, বুঢ়া পাহাৰ, নামেৰী, কাজিৰঙা আদি বনাঞ্চল-অভয়াৰণ্য আদিলৈ অহা যোৱা কৰা হাতীৰ দণ্ডি সমূহ বন্ধ হৈ পৰাত অন্যান্য ঠাইৰ জাক জাক হাতীৰ দৰে সোণাই ৰূপাই অভয়াৰণ্যত বাহৰ পাতি থকা শ শ হাতীৰ মহা সংকটৰ দিন চলি আছে।

অভয়াৰণ্যখনৰ দক্ষিণে অৰুণাচলৰ পৰা বৈ অহা গাভৰু নদীৰ পাৰেৰে হাতীৰ জাকসমূহ বিভিন্ন ঠাইলৈ অহা যোৱা কৰাৰ বাবে এটা দণ্ডি আছিল। কিন্তু কিছুদিনৰ আগতে মিছামাৰী সামৰিক ঘাটিৰ বায়ু সেনা বিভাগে উক্ত দণ্ডিটোত পকী বেৰ দিয়াত হাতীৰ জাক বোৰে নিশাৰ ভাগত আহি পথভ্ৰষ্ট হয় আৰু বিভিন্ন ভাগত বিভক্ত হৈ জনাঞ্চল, সামৰিক ঘাটি আদিত বাহৰ পাতিব লগাত পৰে আৰু পেটৰ তাড়নাত মানুহৰ ঘৰ-বাৰী আদিত ঢপলিয়াই ফুৰাৰ উপৰি সামৰিক ঘাটিত প্ৰৱেশ কৰি সেনা জোৱানৰ আৱাস , পকী বেৰ আদি ভাঙি চূৰমাৰ কৰি আহিছে।

ফলত প্ৰায়েই হাতীৰ আক্ৰমণত মানুহকে আদি কৰি জীৱ জন্তুৰ প্ৰাণ হানি হৈছে নতুবা কোনোবাই পঙ্গুত্ব জীৱন কটাব লগাত পৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰস্থান কৰা হাতীৰ জাকৰ দৰে কালি চাৰিটা হাতীৰ এটা জাকে অভয়াৰণ্যখনৰ কাষৰীয়া মিছামাৰী সামৰিক ঘাটিৰ বায়ু সেনাৰ ভিতৰত প্ৰৱেশ কৰি পাছত বাট হেৰুৱাই তাতে যোৱা নিশাৰ পৰা বাহৰ পাতি আছে।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে উক্ত হাতীৰ জাকটোৱে পেটৰ তাড়নাত গছৰ বাকলি এৰুৱাই ক্ষুধা নিবাৰণ কৰিব লগাত পৰিছে। হাতীৰ জাকটোৱে সামৰিক ঘাটিত প্ৰৱেশ কৰাৰ পাছৰ পৰাই জোৱানসকলে বন বিভাগৰ লোকক ফোন যোগে খবৰ দিছে যদিও কালিৰ পৰা কোনো এগৰাকী বন কৰ্মী ঘটনাস্থলীলৈ ৰাওনা হোৱা নাই বা হাতীৰ জাকটোক তাৰ পৰা আঁতৰাই পঠাবলৈ গুৰুত্ব প্ৰদান কৰা নাই বুলি জানিব পৰা গৈছে।

অঞ্চলটোৰ গাভৰু খণ্ড বন কাৰ্যালয়ৰ বিষয়া সত্যদেৱ শৰ্ম্মাৰ সৈতে হাতীৰ জাকটোৰ সন্দৰ্ভত যোগাযোগ কৰাত এই মূহুৰ্তত তেখেত জিলা খনৰ বাহিৰত সাংগঠনিক কামত ব্যস্ত থকা বুলি জানিবলৈ দিয়ে। প্ৰাপ্ত খবৰ মতে বিষয়াগৰাকী বিগত এসপ্তাহৰো অধিক দিন ধৰি কাৰ্যালয়ত অনুপস্থিত আছে।

বেলি ডুবাৰ লগে লগে বনাঞ্চলৰ পৰা হাতীৰ জাক সমুহে মিছামাৰী অঞ্চলত প্ৰৱেশ কৰি ৰাইজৰ বিস্তৰ ক্ষতি কৰি আহিছে তেনেস্থলত এটা বিভাগৰ মুৰব্বীগৰাকী যদি দীৰ্ঘ দিন ধৰি বাহিৰত কটাব লগা হয় তেনেস্থলত তলৰ কৰ্মচাৰী সকল কিদৰে সমস্যা বোৰ সমাধান কৰিব সেয়া সকলোৰে অনুমেয়।

অঞ্চলটোত হাতীৰ সমস্যাৰ উপৰি বেলশিৰি মহলৰ পৰা দিনে নিশাই অবৈধ ভাবে শিল বালি ট্ৰাক ট্ৰেকটৰত সৰবৰাহ হৈ আছে। এইক্ষেত্ৰতো বিষয়া গৰাকীয়ে আৰম্ভণিৰ পৰা কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। এই বাতৰি পোৱাৰ পাছত বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বিষয়া গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।