নামবৰ অভয়াৰণ্যত হাতীয়ে ৰাজ পথত থিয় ৰখালে যাত্ৰীবাহী বাছ, আহত চালক, প্ৰাণৰক্ষা ২৫ যাত্ৰীৰ

গোলাগাটঃ ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-মানুহৰ সংঘাট অব্যাহত থকাৰ মাজতে বনৰীয়া হাতীৰ আক্ৰমণৰ সন্মুখীন হ’ল এখন যাত্ৰীবাহী বাছ৷ ফলত আহত হ’ল হল যাত্ৰীবাহী বাছৰ চালক৷ গোলাঘাট জিলাৰ নামবৰ অভয়াৰণ্যত সংঘটিত হয় এই ভয়াবহ আক্ৰমণ। জানিব পৰা মতে, এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে AS-09-C-6699 নম্বৰৰ যাত্ৰীবাহী বাছ খনত।

নামবৰ অভয়াৰণ্য মাজেৰে তীব্ৰ গতিত গৈ থকা বাছ খনৰ সন্মুখত হঠাতে জংঘলৰ মাজক পৰা এটি প্ৰকাণ্ড হাতী ওলাই আহি থিয় দিয়ে৷ চালকে মৰসাহ কৰি বাছ খন ৰখাবলৈ সক্ষম হয়৷ চালকে বাছ খন ৰখোৱাৰ পিছতে হাতীটোৱে খেদা মাৰি আহি শুৰেৰে আক্ৰমম কৰে বাছ খনত৷ আক্ৰমণত বাছ খনৰ চালক বিজু ঠেঙাল গুৰুতৰভাৱে আহত হয়।

বাছখনৰ সন্মুখ ভাগত হাতীটোৱে আক্ৰমণ কৰি বিস্তৰ ক্ষতি কৰে। সন্মুখৰ আইনা ভঙাৰ লগতে চালকৰ দিশে থকা দৰ্জা খন ভাঙি পেলায়। বাছখনৰ বডিত বিস্তৰ ক্ষতিসাধন কৰে হাতীটোৱে। এক ভয়ানক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বাছখন।

কাৰেং নামৰ বাছখন কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা নামবৰ অভয়াৰণ্যৰ মাজেৰে গোলাঘাটৰ ৰঙাজান নুমলীগড় হৈ কাৰ্বি আংলং জিলাৰ ডলামৰালৈ গৈ আছিল। প্ৰায় ২৫গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বাছখনৰ সকলো যাত্ৰী কোনো মতে ৰক্ষা পৰে। জানিব পৰা মতে, চালকজনক চিকিৎসা প্ৰদান কৰাৰ অন্তত সংকটমুক্ত বুলি কয় চিকিৎসকে৷ বাছখন আন এজন চালকে চলাই লৈ যাবলৈ সক্ষম হয়৷