বন মন্ত্ৰীৰ গৃহ জিলাত চকু মুদি আছে বন বিভাগ, শালগছ কাটিবলৈ গৈ হাতীৰ আক্ৰমণত আহত যুৱক

কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতীৰ মৃত্যু-গঁড় হত্যা হৈ থকাৰ সময়তে এইবাৰ বন মন্ত্ৰীৰ গৃহ জিলাত নিশা শালগছ কাটিবলৈ গৈ এজন লোক হাতীৰ আক্ৰমণত আহত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকৰাঝাৰত৷ কোকৰাঝাৰ জিলাৰ বিশমুৰী বদৰপুৰ গাঁৱৰ ৪-৫ জনীয়া এটি দলে হাবিত দেওবাৰে সন্ধিয়া শালগছ কাটিবলৈ যাওঁতেই হাতীৰ সৈতে মুখামুখি হয়৷

হাতীয়ে আক্ৰমণ কৰে দলটোক৷ দলটোৰ এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয়। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱকগৰাকী ধ্ৰুৱজিৎ ব্ৰহ্ম (৩৪) বুলি জানিব পৰা গৈছে। আহত যুৱকগৰাকী সম্প্ৰতি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে কোকৰাঝাৰ জিলাত সম্প্ৰতি ঠায়ে ঠায়ে বন ধ্বংস অভিযান অব্যাহত আছে যদিও বন বিভাগ চকু মুদা কুলিৰ ভাও লৈছে। বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ অবৈধভাৱে শালগছ কাটিবলৈ যোৱা যুৱকৰ দলটোক দুটাকৈ হাতীয়ে আক্ৰমন কৰাত দলটোৰ বাকী সদস্যসকল পলাই সাৰে যদিও হাতীৰ আক্ৰমনত ধ্ৰুৱজিৎ ব্ৰহ্ম গুৰুতৰ ভাৱে আহত হয় ।