কাৰ্বি পাহাৰত পুনৰ বনৰীয়া হাতীৰ মৃত্যু, কোনে দিলে বৰবিহ, ফেইল বনবিভাগ

খেৰণিঃ অসম বিধান সভাৰ অধিৱেশন চলি থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ খেৰণিত বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পাহাৰীয়া জিলা খনত৷ বিধান সভা নিৰ্বাচনৰ পূৰ্বে মানুহ জীৱ-জন্তু সকলোকে নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দি বৰ বৰ কথা কৈছিল অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটে৷ জীৱন, সম্পত্তিৰ সুৰক্ষা দিয়াৰ কথা কৈ ভোট ভিক্ষা কৰিছিল তিনিওটা দলে৷

বিশেষকৈ গঁড় হত্যা-হাতীৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ দলক ব্যাপক সমালোচনা কৰিছিল মিত্ৰ জোঁটে৷ নিৰ্বাচনত গঁড়-হাতী হত্যা নিৰ্বাচনৰ ইচ্ছ্যু কৰি ব্যাপক প্ৰচাৰ চলাইছিল৷ গঁড়-হাতী হত্যা ইচ্ছুৰে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল শাসকীয় কংগ্ৰেছৰ সন্মুখত৷ কিন্তু মিত্ৰ জোঁটৰ তিনিটা দলে প্ৰায় ২৫ মাহ পূৰ্বে শাসনৰ গাদী দখল কৰিলে যদিও কংগ্ৰেছ চৰকাৰৰ সময়ৰ দৰে আজিও গঁড় হত্যা হোৱাৰ লগতে হাতীৰ মৃত্যু হৈ আহিছে৷ 

বনবিভাগৰ গাফিলতিৰ বাবেই পুনৰ এটা হাতীৰ মৃত্যু হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত৷ জানিব পৰা মতে, বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খেৰণিৰ বৰ-মাটিখোলাত এটা মতা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে৷ ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় খেৰণি বন বিভাগৰ বনকৰ্মী। 

বনকৰ্মী তথা স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা মতে বৰ-মাটিখোলাৰ কুঁহিয়াৰ খেতিৰ মাজত উদ্ধাৰ হোৱা বনৰীয়া হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি বিহযুক্ত খাদ্য সেৱনৰ ফলতে হাতীটোৰ মৃত্যু হৈছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি কয় বনকৰ্মীয়ে।

আনহাতে বুধবাৰে, একেটা অঞ্চলৰে ৰামজী চৌধুৰী নামৰ লোকজনৰ বাসগৃহত বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি ঘৰ ভাঙি লণ্ডভণ্ড কৰে বুলি জানিব পৰা গৈছে। এনেদৰেই বৃহত্তৰ খেৰণি অঞ্চলত প্ৰায়ে বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই অহাৰ লগতে বনৰীয়া হাতীৰ আক্ৰমণত জনসাধাৰণে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনা দিনে দিনে বৃদ্ধি পায় আহিছে৷ বনবিভাগ নাইবা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বন্য হস্তীৰ উপদ্ৰৱৰ বাবে বৰ্তমানেও ৰাইজৰ মনত ভয় আৰু সন্ত্ৰাস অব্যাহত আছে।