হাতী-মানুহৰ সংঘাত! বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভাৱতী মহিলা আৰু ৪ বছৰীয়া শিশুৰ

Newsnextone | বোকাজানঃ হাতী-মানুহৰ সংঘাত এতিয়া চিৰ পৰিচিত৷ খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্য হাতীয়ে ৰাজ্যৰ বিভিন্ন স্থানত উপদ্ৰৱ চলাই আহিছে৷ যাৰ ফলত নিহত হৈছে কেইবাজনো লোকো৷

শস্য পথাৰৰ পৰা ঘৰ দুৱাৰ আৰু মানুহৰ ওপৰত চলোৱা বন্য হস্তীৰ সন্ত্ৰাসত ৰাজ্যৰ বহু অঞ্চলৰ ৰাইজ ভয়ে ভয়েহে জীয়াই থাকিবলৈ বাধ্য হৈছে৷

কিন্তু তাৰ পিছতো অসহায় বন্য বিভাগ কিম্বা প্ৰশাসন৷ বন্য হাতীৰ তাণ্ডৱ ৰুধিব নোৱাৰি যেন তাণ্ডৱলীলা দেখিও নেদেখাৰ ভাও জুৰিবলৈ বাধ্য হৈছে প্ৰশাসন৷ বন ভাঙি মানুহৰ বসতি বাঢ়ি অহাৰ লগে লগে বৃদ্ধি ঘটিছে বন্য হাতীৰ উপদ্ৰৱ৷

কাৰ্বি আংলং জিলাত দিনে দিনে বৃদ্ধি পাইছে বন্য হাতীৰ তাণ্ডৱ৷ জিলাখনত বনৰীয়া হাতীৰ তাণ্ডৱ যেন আজিকালি নতুন কথা নহয়৷ জিলাখনৰ বিভিন্ন অঞ্চলত বনৰীয়া আক্ৰমণ চলাই শস্যক্ষেত্ৰ, ঘৰ-বাৰীৰ লগতে কেইবাগৰাকীও লোকক মৃত্যুৰ ঘাটলৈ থেলি দিয়াৰ বাতৰি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে৷

তাৰ মজতে শুকুৰবাৰে মাজনিশা পুনৰ এক অঘটন সংঘটিত হয় জিলাখনৰ বোকাজান মহকুমাৰ খটখটিৰ চানডে বজাৰ এলেকাত৷ 

শুকুৰবাৰে মাজ নিশা সকলো নিদ্ৰাত নিতাল মৰা সময়তে ওচৰৰ বনাঞ্চলৰ পৰা ওলাই আহে এটি বনৰীয়া হাতীৰ জাক৷ বোকাজান মহকুমাৰ বোকাজান বন সংমণ্ডলৰ অধীনস্থ তথা বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খটখটিৰ চানডে বজাৰ এলেকাত বনৰীয়া হাতীৰ জাকটোৱে প্ৰৱেশ কৰি তাণ্ডৱ আৰম্ভ কৰে৷

এটা ৫/৬ জনীয়া হাতীৰ জাকে অঞ্চলটোৰ কেইবাটাও বাসগৃহত আক্ৰমণ চলাই ধ্বংসস্তূপত পৰিণত কৰাৰ লগতে বাৰীৰ শাক-পাচলি আদিও খাই-গচকি তচনচ কৰে৷

আনহাতে হাতীৰ জাকটোৱে এগৰাকী গৰ্ভাৱতী মহিলা আৰু তেওঁৰ ৪ বছৰীয়া কন্যা সন্তানটোকো আক্ৰমণ চলায়৷ ফলত মুন্নী দেৱী নামৰ ন-মহীয়া গৰ্ভাৱতী মহিলাগৰাকী আৰু ৪ বছৰীয়া পূজা কুমাৰী নামৰ শিশুটিয়ে কৰুণ মৃত্যুক আকোঁৱালি লয়৷

কেৱল শুকুৰবাৰে নিশাই নহয়, প্ৰায়ে নিশা বনৰ পৰা মানুহৰ মাজলৈ ওলাই অহা বন্য হস্তীৰ জাকটোৰ সন্ত্ৰাসৰ ভয়ত কলিজাটো হাতৰ মুঠিতে লৈ জীৱন যাপন কৰি আহিছে অঞ্চলটোৰ ৰাইজে৷ কিন্তু তাৰ পিছতো বন বিভাগে হাতীৰ জাকটোক দূৰলৈ খেদি পঠিওৱাত অসফল হোৱাত বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে ৰাইজে৷