
newsnextone.com | হৰিশিঙাঃ ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ভূটান সীমান্ত মাজুলি চাহ বাগিচাত শুকুৰবাৰে পুৱা বন্যহস্তী এটাই খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা ওলাই আহোতে বাগিচাৰ ভিতৰৰ এটা পানী টেংকীত পিছল খাই সমাই পৰে।যাৰ ফলত বন্যহস্তীটোৰ তীব্ৰ আৰ্তনাদে অঞ্চ লটোত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে।
জানিব পৰা মতে, খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰি জনাঞ্চললৈ নামি অহা বন্যহস্তীৰ এটা জাকৰ পৰা এটা হাতী ফালৰি কাটি আহি পানীটেংকিত গৈ পানী খাবলৈ লঁওতেই পিছলি পৰি টেংকিত সোমাই যায়। যাৰ ফলত বন্যহস্তীয়ে আৰ্তনাদ কৰি চিঞৰে৷
এই চিঞৰত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় যদিও কিছু সময় পিছত বন্যহস্তীয়ে নিজ চেষ্টাৰে পানীটেংকিৰ পৰা ওলাই আহিবলৈ সক্ষম হয় আৰু বনাঞ্চলৰ দিশে গতি কৰে৷