গজৰাজৰ পথ অৱৰোধ, উৎকণ্ঠাত পৰ্যটক-যাত্ৰী

তেজপুৰঃ শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বালিপৰাৰপৰা অৰুণাচললৈ যোৱা পথছোৱা়ত বন্যহস্তীৰ মুক্ত বিচৰণৰ বাবেই বিপাঙত পৰিছে যাত্ৰীসকল৷ দিনৰ ভাগত প্ৰায়ে একপ্ৰকাৰ পথ অৱৰোধ কৰে বনহস্তীৰ জাকে৷ পথৰ দুয়োমূৰে আৱদ্ধ হৈ পৰে যান-বাহন৷ বাহনৰ সন্মুখত গজৰাজ৷ গাড়ী আগুৱাবও নোৱাৰে, পিছুৱাবও নোৱাৰে৷ এক চৰম উৎকণ্ঠাৰ মাজেৰে সময় অতিবাহিত কৰিছে পৰ্যটক আৰু ভালুকপুং-বালিপৰা সংযোগী পথেৰে যাত্ৰা কৰা লোকসকলে। কিন্তু গজৰাজে একো অনিষ্ট সাধন নকৰে৷ কিছু সময় পথৰ ওপৰতে গুৰু-গম্ভীৰ খোজেৰে অহা-যোৱা কৰি পুনৰ আঁতৰি যায় অৰণ্যৰ মাজলৈ৷ তেতিয়াহে স্বস্তিৰ নিশ্বাস পেলাই গন্তব্যস্থানলৈ অগ্ৰসৰ হয় ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ থকা লোকসকল৷ অৱশ্যে চৰম উৎকণ্ঠাৰ মাজেৰে সময় অতিবাহিত হয় যদিও এক শিহৰণকাৰী ৰোমাঞ্চকৰ অভিজ্ঞতাও লাভ কৰে যাত্ৰীসকলে৷