তামুলপুৰত পুনৰ লাডেনৰ সন্ত্ৰাস

newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিত নিৰৱচ্ছিন্ন ভাবে লাডেনৰ তাণ্ডৱ অব্যাহত আছে।সোমবাৰে নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং শ্ৰমিক লাইনত দুজনকৈ লোকক হত্যা কৰে লাডেনে।খাদ্যৰ সন্ধানত বনাঞ্চলৰপৰা জনাঞ্চললৈ অহা লাডেনৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ ৰাইজ আৰু বনবিভাগৰ লোকে।

মঙগলবাৰে নিশা প্ৰায় ১ বজাত লাডেনে পুনৰ নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং শ্ৰমিক লাইনত প্ৰৱেশ কৰি গুজৰী-গুমৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।লাডেনে শ্ৰমিক লাইনটোত প্ৰৱেশ কৰাৰ লগে লগে তাত বাস কৰা লোকসকলৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।সকলোৱে প্ৰাণৰ ভয়ত নিজৰ ঘৰ-দুৱাৰ এৰি পলায় যায়।

দীৰ্ঘদিনৰপৰা হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ থকা লাডেন মানুহ মৰাত অভ্যস্ত।হাতীটোৱে শ্ৰমিক লাইনটোত প্ৰৱেশ কৰিয়েই দুজনকৈ লোকক হত্যা কৰাৰ উপৰিও অমিত কুমাৰ, বিৰ্জু বৰুৱা, আৰমানচাই এক্কা, বির্চা ওৰাং, ভীমচাই তিৰকী আৰু ৰিচাৰ্ড মিঞ্জ নামৰ চাহ শ্ৰমিক কেইজনৰ কেইবাটাও ঘৰ ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰে আৰু ঘৰৰ ভিতৰত থকা বয়-বস্তু খাই তহিলং কৰে।ঘৰ-দুৱাৰ ভাঙি, খাদ্য বস্তু খায়েই ক্ষান্ত নাথাকিল লাডেন, শ্ৰমিকসকলৰ চকী,পালেং,আলমিৰা,ট্ৰাংক আদিকে ধৰি বিভিন্ন ঘৰৰ আচবাব ভাঙিও তাণ্ডৱ চলায়।

ইপিনে লাডেনৰ প্ৰবেশৰ খবৰ পোৱাৰ লগে লগে নিশাই বন বিভাগৰ বিষয়া মতি ওজাৰ নেতৃত্বত বনকৰ্মীৰ দল এটা নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং লাইনত উপস্থিত হয় আৰু ৰাইজৰ সৈতে লগ লাগি ফটকা ফুটাই,জুই জ্বলাই, টিন, কাঁহী-বাতি আদি বজাই বহু কষ্ট কৰি এই হাতীটোক কিছু দূৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয়।

লাডেন নামৰ হাতীটোৱে বিগত বহু দিন ধৰি নাগ্ৰীজুলি চাহ বাগিচাত দিনৰ ভাগত আশ্ৰয় লৈ বাগিচা খনৰ ভিতৰতে বিচৰণ কৰি থকাত অঞ্চলটোৰ ৰাইজে সন্ধিয়াৰ পৰাই জুম পাতি পাহৰা দি থাকিব লগীয়া হৈছেল।আনকি বিদ্যালয় -মহাবিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলেও নিজৰ পঢ়া চকী-মেজ এৰি হাতীৰ আক্ৰমণৰ ভয়ত ঘৰৰ পৰা বাহিৰত আশ্ৰয় লৈ হাতী খেদাত ব্যস্ত থাকিব লগাত পৰিছে।

মঙলবাৰেও লাডেনে নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত বৰনদীৰ পাৰত বিচৰণ কৰি থকাক লৈ শংকিত হৈ আছিল অঞ্চলটোৰ ৰাইজ। শেহতীয়া ভাবে তামুলপুৰৰ বনাঞ্চলিক বিষয়া কেশৱ ব্ৰহ্মই জনোৱা মতে হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ বাবে বেচৰকাৰী সংগঠনৰ সহায় বিচৰা হৈছে আৰু উচ্চ ক্ষমতাৰ টৰ্চ লাইট আৰু উচ্চ শব্দ সৃষ্টি কৰিব পৰা ফটকা যোগানৰো ব্যৱস্থা গ্ৰহণ কৰিছে বান বিভাগৰ তৰফৰপৰা। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগৰ লোকক সহায়-সহযোগ কৰাৰ বাবেও সৰ্বসাধাৰণ ৰাইজক অনুৰোধ জনাইছে বনাঞ্চলিক বিষয়া গৰাকীয়ে।