
newsnextone.com | কাজিৰঙাঃ চৰকাৰ সলনি হ’ল, বনমন্ত্ৰী সলনি হ’ল যদিও সুৰিক্ষিত নহ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় কেইটা৷ কেইটামান দিনৰ মূৰকত চোৰাং চিকাৰীৰ হাতত নিহত হয় এটাৰ পিছত এটা গঁড়৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বনমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতেই কাজিৰঙাত এতিয়ালৈ চোৰাং চিকাৰীৰ হাতত নিধন হ’ল তিনিটাকৈ গঁড়৷ পৰিমল শুক্লবৈদ্যই বন বিভাগৰ দায়িত্ব লোৱা পিছতেই উদ্যানখনৰ বুঢ়াপাহাৰ, নৰ্ডাণৰেঞ্জৰ পিছত এইবাৰ বাগৰি বনাঞ্চলত চোৰাং চিকাৰীৰ হাতত নিধন হ’ল এটা এশিঙীয়া গঁড়।
তাৰ মাজতে, গঁড় চিকাৰ কৰিবলৈ আহি নিজেই চিকাৰ হ’ল এটা চোৰাং চিকাৰী। সোমবাৰে দিনৰ এক বজাতেই উত্তৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ কাজিৰঙাত প্ৰৱেশ কৰিছিল ৫জনীয়া এটা চোৰাং চিকাৰীৰ দল৷
নলামুখ বনশিবিৰৰ বনকৰ্মীয়ে ব্ৰহ্মপুত্ৰৰ বালিচৰত মানুহৰ ভৰিৰ খোজ প্ৰত্যক্ষ কৰি এলাৰ্ট কৰে সকলোকে। ইয়াৰ পিছতে বনবিভাগৰ এটা বৃহৎ দলে নলামুখ বনশিবিৰ এলেকাত অভিযান চলাই থকাৰ সময়তে সন্ধিয়া ৬.৩০ বজাত গুলীৰ শব্দ শুনে কাৱৈমাৰি বনশিবিৰৰ বনকৰ্মীয়ে। চোৰাং চিকাৰীৰ দলটোৱে গঁড় হত্যা কৰা বুলি নিশ্চিত হৈ নিশা চোৰাং চিকাৰীৰ দল ওলাই অহাৰ সম্ভৱনা থকা পথত বন বিভাগৰ লোক ৰৈ থাকে৷ নিশা প্ৰায় ৭.৪০ বজাত ৫জনীয়া চোৰাং চিকাৰীৰ দলটো আহি থকা প্ৰত্যক্ষ কৰে বনকৰ্মীয়ে।
নাইট ভিচন কেমেৰাৰ সহায়ত চোৰাং চিকাৰী বুলি নিশ্চিত হোৱাৰ পিছত ৰবলৈ নিৰ্দেশ দিয়ে বনকৰ্মীয়ে। লগে-লগে ৫জনীয়া চোৰাং চিকাৰীৰ দলটোৱে বনকৰ্মীক লক্ষ্য কৰি গুলিচালনা কৰে৷ প্ৰত্যুত্তৰত বনকৰ্মীৰ দলটোৱে গুলিচালনা কৰে। দুই পক্ষৰ মাজত সংঘৰ্ষ হয়। ইয়াৰ পিছতে ঘটনাস্থলীৰ পৰা বনবিভাগৰ দলটোৱে গুলীবিদ্ধ এজন চোৰাং চিকাৰীৰ মৃতদেহ উদ্ধাৰ কৰে৷ চোৰাং চিকাৰীটোৰ মৃতদেহটোৰ কাষত উদ্ধাৰ হয় এখন মোনা৷ মোনাত এটা থ্ৰী-নট-থ্ৰী ৰাইফল, ৩৫ জাই সজীৱ গুলী, এটা মোবাইলসহ কিছু নগদ ধন উদ্ধাৰ হয়৷ বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই চিকাৰীটোক৷ অসমৰ নহয় বুলি অনুমান কৰা হৈছে৷
ইপিনে, ঘটনাস্থলীৰ পৰা পলায়ন কৰা চোৰাং চিকাৰীৰ দলটোৰ সন্ধানত মঙলবাৰৰ পুৱাৰে পৰা অভিযান আৰম্ভ কৰে বনবিভাগ আৰু আৰক্ষীয়ে৷ স্নী’ফাৰ ড’গৰ সহায়ত অভিযান চলোৱাৰ লগতে হাতীৰ পিঠিত উঠি আৰু চোৰাং চিকাৰীৰ দলটোৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় উদ্যানত অভিযান চলাই যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহ’ল। কাৱৈমাৰি বনশিবিৰ এলেকাত চোৰাং চিকাৰীৰ দলটোৱে গঁড় নিধন কৰা বুলি খবৰ ওলাইছে যদিও গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰা হোৱা নাই। সংবাদ মাধ্যমক গঁড় হত্যা আৰু চোৰাং চিকাৰী নিধনৰ বাতৰি সংগ্ৰহ কৰাত বাধা প্ৰদান কৰে বনবিভাগে।
উল্লেখ্য যে, নিহত চোৰাং চিকাৰীটোৰ সো-ভৰিৰ ওপৰৰ অংশত হালধীয়া ৰছী বান্ধি থোৱা আছিল৷ যাৰ ফলত সমগ্ৰ ঘটনাক ৰহস্যৰ আৱৰ্তলৈ নিয়ে৷ ঘটনাস্থলীত উপস্থিত হোৱা দণ্ডাধীশেও ভৰিত ৰছী প্ৰত্যক্ষ কৰা বুলি স্বীকাৰ কৰে৷ সংবাদ মাধ্যমৰ আগত আৰু এই ঘটনা পৰিকল্পিত নে প্ৰকৃত সংঘৰ্ষ সেয়া তদন্তত হে ওলাই পৰিব বুলি জানিবলৈ দিয়ে দণ্ডাধীশগৰাকীয়ে। আনহাতে, নিহত চোৰাং চিকাৰীটোৰ মৃতদেহ নগাঁৱলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ চোৰাং চিকাৰীৰ হাতত নিহত হোৱা গঁড়টোৰ মৃতদেহ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে বনবিভাগে।