চাওলুং ছ্যু-কা-ফা শৈক্ষিক আৰু সামাজিক ন্যাসৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা

গুৱাহাটীঃ অসমীয়া সমাজ জীৱনৰ গোষ্ঠীদ্বন্দ, সাম্প্ৰদায়িকতাবাদ আদিয়ে অস্থিৰ কৰি তোলাৰ সময়তে অসমৰ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে যোৱাটো বছৰত "চাওলুং ছ্যু-কা-ফা শৈক্ষিক আৰু সামাজিক ন্যাস" গঠন হয়৷ চাওলুং ছ্যু-কা-ফাৰ প্ৰগতিশীল সমন্বয়ৰ আদৰ্শত গঠিত হৈছিল এই ন্যাস৷

এইবেলি ন্যাসৰ উদ্যোগত "সদৌ অসম ভিত্তিত" মাধ্যমিক পৰ্যায়(ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ)ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অসমীয়া ভাষাত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ "অসমীয়া জাতি গঠনত চাওলুং ছ্যু-কা-ফাৰ অৱদান" শীৰ্ষক বিষয়বস্তু সন্দৰ্ভতপ্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

ৰচনাসমুহ অহা ২০ নৱেম্বৰৰ ভিতৰত হাতে লিখি নতুবা ডিটিপি কৰি সম্পূৰ্ণ শুদ্ধ ঠিকনা আৰু যোগাযোগ নম্বৰ সহিতে মনোৰম গগৈ, কাৰ্যকৰী সভাপতি, চাওলুং ছ্যু-কা-ফা শৈক্ষিক আৰু সামাজিক ন্যাস, মাৰফৎ, অসম সাংবাদিকতা বিদ্যালয়, নাওজান পথ, উজান বজাৰ, গুৱাহাটী-৭৮১০০১ ঠিকনাত পঠিয়াবলৈ ন্যাসে আহ্বান জনাইছে৷ প্ৰতিযোগীতাত বিজয়ী প্ৰথম তিনিগৰাকী প্ৰতিযোগীক অহা দুই ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া ন্যাসৰ প্ৰতিষ্ঠা দিৱসত নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে এখন মানপত্ৰ প্ৰদান কৰা হ’ব৷

প্ৰতিযোগিতাৰ নিৰ্বাচিত ৰচনাৱলী গ্ৰন্থাকাৰে সংকলন কৰা হ’ব বুলি ন্যাসৰ সচিব প্ৰধান টুনুজ্যোতি গগৈয়ে জানিবলৈ দিয়ে৷ প্ৰতিযোগীতাৰ সবিশেষ তথ্যৰ বাবে ইচ্ছ্যুক প্ৰতিযোগীসকলক ৯৮৫৪৯৮৭৬৫৮ আৰু ৭৮৯৬৮৮৯১২৭ নম্বৰত যোগাযোগ কৰিবলৈ ন্যাসে আহ্বান জনায়৷