খাৰুপেটীয়াত আমছুৰ প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

খাৰুপেটীয়াঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ১৪ সংখ্যক অধিৱেশন আৰু ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ মৰহুম বি, এম হামিদুৰ ৰহমান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে৷

অহা ৩১ মাৰ্চ, ১ আৰু ২ এপ্ৰিলত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ দৰং জিলা আমছুৰ উদ্যোগত অভ্যৰ্থনা সমিতিৰ লগতে স্থানীয় ৰাইজে ব্যাপক যো-জা চলাই আছে৷ প্ৰায় ২৫ হাজাৰ লোকৰ সমাগম হ’ব পৰাকৈ বৃহৎ অস্থায়ী সভা গৃহ নিৰ্মাণৰ কামত প্ৰায় দুশ গৰাকী আমছু কৰ্মীৰ ৰাইজে দিনে নিশাই কাম কৰি আছে।

উল্লেখ্য যে ১ এপ্ৰিলত আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰাক্তন বৈদেশিক, আইন ও সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী ছলমান খুৰশ্বিদ, নিৰ্দিষ্ট বক্তা হিচাপে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ফোজাইল আহমদ আইয়ুবি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, প্রাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

এই অধিবেশন আৰু প্ৰতিষ্ঠা দিৱস সাফল্য মণ্ডিত কৰি তুলিবলৈ অভ্যৰ্থনা সমিতিৰ ছামচুল হক, কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ আৰু সম্পাদক ৰেজিবুৰ ৰহমান,  আব্দুৰ ৰহমান বিশ্বাস আৰু আলেপ উদ্দিনে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।