কাৰ্বি আংলং-নাগালেণ্ড সীমান্তত নগা বেদখলকাৰীৰ ঘৰ জ্বলাই উচ্ছেদ কৰিলে কাৰ্বি স্বায়ত্ত পৰিষদে

ডিফুঃ বহু বিতৰ্কিত নাগালিম চুক্তিত অসমৰ বহু কেইখন জিলাৰ ভূমি অন্তৰ্ভূক্তি কৰণৰ সম্ভাৱনাক লৈ ৰাজ্যৰ পৰিস্থিতি অগ্নিগৰ্ভা হৈ থকাৰ সময়তে সোমবাৰে কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৰ নগাৰ অবৈধ বেদখল উচ্ছেদ কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে৷

অসম-নাগালেণ্ড সীমামূৰীয়া জিলা কাৰ্বি আংলঙৰ ভূমিত নগাই দীৰ্ঘ দিনৰ পৰা বেদখল চলাই আহিছে৷ পূৰ্বেও ধনশিৰি বনাঞ্চলত নগাৰ অবৈধ বেদখল উচ্ছেদ চলাবলৈ গৈ জিলা খনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশে নগাৰ গুলীত প্ৰাণ আহুতি দিব লগীয়া হৈছিল৷ ইয়াৰ পিছতো সীমান্তৰ অঞ্চলটোত ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছিল ৰাইজ। নগাই আগ্ৰাসন চলাই লাহৰিজান প্ৰস্তাৱিত বনাঞ্চলৰ এলেকা ক্ৰমে হাজংপুৰ আৰু ক্ৰামছা মডেল ভিলেজত অবৈধ ভাবে প্ৰায় ১৬০ টা গৃহ নিৰ্মাণ কৰাৰ লগতে অসমৰ ভূমিতে খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছিল৷

উক্ত এলেকা সমূহত নগাৰ অবৈধ বেদখলে নগালিমত অসমৰ ভূমি অন্তৰ্ভূক্তি বিষয়টিৱে বিশেষ গুৰুত্ব লাভ কৰে৷ দেওবাৰে নিশা কাৰ্বি স্বায়ত্ত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ চৰকাৰী বাসভৱনত সাংবাদিকৰে সৈতে হোৱা মত বিনিময়ৰ সময়ত ৰংহাঙে নাগালিমত কাৰ্বি আংলঙৰ এক ইঞ্চি ভূমিও এৰি দিয়া নহ'ব বুলি কোৱাৰ লগতে সোমবাৰে লাহৰিজান বনাঞ্চলত নগাৰ অবৈধ বেদখল এলেকাত উচ্ছেদ কাৰ্যসূচী চলোৱা হয় । উচ্ছেদৰ পিছত নগাৰ আগ্ৰাসন প্ৰতিৰোধ কৰাৰ বাবে প্ৰাকৃতিক সীমা নিৰ্ধাৰণো কৰা হ'ব বুলি মন্তব্য কৰে৷

আনহাতে সোমবাৰে পুৱা কাৰ্বি পৰিষদ বন বিভাগৰ উদ্যোগত চিআৰপিএফ আৰু আৰক্ষীৰ প্ৰায় ৮ শতাধিক জোৱানে মাৰ্চ ফাৰ্ষ্ট কৰি লাহৰি বনাঞ্চলৰ বিবাদিত এলেকাত প্ৰৱেশ কৰে আৰু তাত জিলা উপায়ুক্ত আদিলখান,  কাৰ্যবাহী দণ্ডাধীশ জ্যোতিৰ্ময় দৈমাৰী, জিলা আৰক্ষী অধীক্ষক ড০ জিভি শিৱ প্ৰসাদ, উপ আৰক্ষী অধীক্ষক(বিশেষ শাখা) মোজাফৰ হুছেইন, বোকাজানৰ এছডিপিঅ' আইপিএছ পুষ্পৰাজ সিং আৰু বনবিভাগৰ পূৱ সংমণ্ডলৰ বন বিষয়া ৰ উপস্থিতিত হাতকাত ৩৫টা, হাজংপুৰত ৮০টা আৰু ক্ৰামছা মডেল ভিলেজত ৩৫ টা টিনৰ ঘৰত দুখন জেচিবিৰে উচ্ছেদ কাৰ্য চলোৱা হয়৷

উচ্ছেদ কালত গৃহ সমূহ খালী আছিল যদিও একাংশ ঘৰত নগালোকে লামলাকটু আতৰাই আছিল৷ উচ্ছেদৰ পিছত বনবিভাগে উচ্ছেদিত গৃহ সমূহ জলাই দিয়া পৰিলক্ষিত হয় ৷ উচ্ছেদ সন্দৰ্ভত বন বিভাগে পূৰ্বে বেখলকাৰী সকলক জাননী জাৰী কৰিছিল বুলি বন বিষয়া জয়চিং  বে' ই জানিবলৈ দিছে ৷ নগা সকলে অবৈধ ভাবে বেদখল কৰি ৰখা ভূমিত গৃহ নিৰ্মানৰ লগতে গীৰ্জা গৃহ বৈদ্যুতিক খুটা আদিৰ লগতে ফেন্সিঙেৰে ভূমিৰ ভাগ বটোৱাৰা পৰ্যন্ত কৰি লৈছিল৷

উল্লেখযোগ্য যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ বাবে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নোহোৱাকৈ আজিৰ উচ্ছেদ অভিযান সফল সামৰণি পৰে যদিও নাগাৰ আগ্ৰাসন প্ৰতিৰোধৰ বাবে স্বায়ত্ব পৰিষদ আৰু বনবিভাগে কি স্থায়ী ব্যৱস্থা লয় সেয়া লক্ষণীয় হৈ পৰিছে ৷  মঙলবাৰলৈ দলদলী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলিব বুলি বন বিভাগে জানিবলৈ দিয়ে৷