জিতেন দত্তৰ হুংকাৰৰ পিছতে উচ্ছেদ অভিযান চলিল লিডুৰ খামটি গাঁৱৰ চৰ-চাপৰিত

লিডু/গুৱাহাটীঃ অৱশেষত সক্ৰিয় হ’ল তিনিচুকীয়া জিলা প্ৰশাসন৷ বহু জল্পনা-কল্পনাৰ অন্তত সোমবাৰে তিনিচুকীয়া প্ৰশাসনে সন্দেজনক নাগৰিকৰ ঘৰ উচ্ছেদ কৰিবলৈ বাধ্য হয়৷ ৰাইজৰ উগ্ৰৰূপে উচ্ছেদৰ সিন্ধান্ত লবলৈ বাধ্য কৰে প্ৰশাসনক৷ সোমবাৰে মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত লিডুৰ মোলাং খামটি গাঁৱত পুৱাই জেচিবি লৈ বৃহ সংখ্যক আৰক্ষী-চিআৰপিএফৰ জোৱান উপস্থিত হৈ সন্দেহজনক নাগৰিকৰ বসতি উচ্ছেদ কৰে৷

লিডুৰ খামটি গাঁৱৰ চৰ-চাপৰি এলেকাত দীৰ্ঘ দিন ধৰি অসমৰ বিভিন্ন এলেকাৰ পৰা আহি একাংশ সন্দেহযুক্ত লোকে বসবাস কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ সন্দেহজনক লোকসকলে চৰ-চাপৰি আৰু বুঢ়ী-দিহিঙৰ পাৰত বহু মাটি নিজৰ দখললৈ নি খেতি-বাতি কৰি আহিছিল৷ একাংশ সচেতন লোক, দল-সংগঠনে তথা আলোচনা পন্থী আলফাই এই লোকসকলক উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰি আহিছিল যদিও প্ৰশাসন তথা চৰকাৰে গুৰুত্ব আৰোপ কৰা নাছিল৷

কিছু দিন পূৰ্বে আলফা নেতা জিতেন দত্তই নিজৰ ফেচবুক একাউন্টত এখন ফটো পোষ্ট কৰি দহ দিন সময় বান্ধি দিছিল লিডুৰ অবৈধ নাগৰিকৰ বসতি উচ্ছেদ কৰিবৰ বাবে৷ কিন্তু দহ দিন অতিক্ৰম কৰাৰ পিছতো প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত (১২নৱেম্বৰত) দেওবাৰে আলফা নেতা জিতেন দত্ত খোদ লিডুৰ বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক নাগৰিকৰ বসতি উচ্ছেদ কৰিবৰ বাবে উপস্থিত হয়৷

আলোচনাপন্থী আলফাৰ এটা দলে লিডুৰ বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক নাগৰিকৰ বসতি উচ্ছেদ কৰিব যোৱাৰ সময়ত এগৰাকী গাঁওবুঢ়াৰ সৈতে প্ৰথমে মুখামুখি হয় দলটোৱে৷ উক্ত গাঁওবুঢ়াগৰাকীয়ে টকা লৈ সন্দেহজনক নাগৰিকসকলক চৰাকৰী মাটি বহাৰ সুবিধা কৰি দিছিল৷ দেওবাৰে জিতেন দত্ত সহিতে আলফাৰ দলটো উপস্থিত হোৱাৰ পিছতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে লংকা-কাণ্ড সংঘটিত হয়৷

আৰক্ষীৰ সৈতে হতাহতি হোৱাৰ লগতে প্ৰশাসনে বহু বাধা দিয়াৰ পিছতো কোনো লোকে বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক লোকৰ ঘৰ সমূহ জ্বলাই দিয়ে৷ তাৰ পিছতে উচ্ছেদৰ সমৰ্থনত শ-শ লোক উত্তেজিত হৈ পৰে৷ উত্তজিত লোকসকলে আন আন পৰিয়াল কেইটাৰ ঘৰত অগ্নি সংযোগ কৰিবলৈ উদ্যত হোৱাৰ সময়তে উপায়হীন হৈ আৰক্ষীয়ে লাঠি চালনা কৰাৰ পিছতে সমবেত একাংশ লোক ছত্ৰ ভংগ দিয়াত আলফা নেতা জিতেন দত্ত সহিতে আন্টু চাওদাং আৰু ধীৰেণ ফুকণক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে৷ তাৰ পিছতে ৰাইজ পুনৰ ক্ষোভিত হৈ পৰে৷

উত্তেজিত ৰাইজে থানাৰ সন্মুথত সমবেত হোৱাৰ লগতে পথ অৱৰোধ কৰে৷ আৰক্ষীয়ে লাঠি চালনা কৰাত আৰু আলফা নেতাকেইগৰাকীক আটক কৰাত তীব্ৰ উত্তেজনা বিয়পে৷ শ-শ লোকে জিতেন দত্ত সহিতে ৫ আলফা নেতাক মুকলি কৰি দিয়াৰ দাবীত পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ জিতেন দত্তৰ নেতৃত্বত এটি দল তিনিচুকীয়া জিলাৰ লিডুত দেওবাৰে পুৱাই উপস্থিত হৈছিল৷ আৰক্ষীয়ে এই খবৰ লাভ কৰি আৰক্ষী-চিআৰপিএফৰ বাহিনী লৈ সস্তম হৈ পৰে৷ তিনিচুকীয়া প্ৰশাসনে বাৰে বাৰে জিতেন দত্তক আইন হাতত তুলি নলবলৈ আহ্বান জনাই আহিছিল৷

জিতেন দত্তই এটি আলফাৰ দল সহিতে বুঢ়ী-দিহিঙৰ পাৰত উপস্থিত হোৱাৰ পিছতে শ-শ লোক হিল-দল ভাঙি ওলাই আহে৷ তিনিচুকীয়া আৰক্ষীয়ে পূৰ্বৰ পৰাই সস্তম হৈ পৰে৷ বুঢ়ী-দিহিঙৰ পাৰৰ চাপৰিগাঁৱত সন্দেহজনক নাগৰিকে বসতি কৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল৷ প্ৰথমে বুঢ়ী দিহিঙৰ পাৰত জীতেন দও সহিতে আটাইকেইজন আলফা অাৰক্ষীয়ে আৱদ্ধ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কোনো লোকে ঘৰ জ্বলাই দিয়ে৷

জিতেন দত্ত সহিতে আন্টু চাওদাং আৰু ধীৰেণ ফুকণক আটক কৰাৰ পিছত দৰ্শপ্ৰাণ মান্য হাজৰিকা, নৱদ্বীপ বৰপাত্র গোহাঁই তিনিচুকীয়া জিলাৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত লিডু অাৰক্ষীয়ে অাটক কৰে৷ জানিব পৰা মতে, বুঢ়ী-দিহিং নৈৰ পাৰত কিছু নিলগত প্ৰায় ১০ পৰিয়ালে কিছু বছৰ পূৰ্বৰ পৰা বাস কৰি আহিছে৷ স্থানীয় থলুৱা লোকে চৰকাৰী ভূমি পানীৰ দৰত উক্ত পৰিয়াল কেইটাক কেইবা বিঘা মাটি বিক্ৰী কৰিছিল বুলি জানিব পৰা যায়৷ কেৱল মাত্ৰ ৫ হাজাৰ টকাত মাটি কিনি ঘৰ সজাই বসবাস কৰি আহিছে।

পৰিয়াল কেইটাই চৰ-চাপৰি আৰু বুঢ়ী-দিহিঙৰ বহু মাটি চাফ-চিকুণ কৰি খেতি কৰা বুলি জানিব পৰা যায়৷ খেতি কৰি উৎপাদিত সামগ্ৰী মাৰ্ঘেৰিতা তথা লিডুত বিক্ৰী কৰে। নগাঁও কাণ্ডৰ পিছৰে পৰা উক্ত লোকসকলক একাংশ লোকে বাৰে বাৰে উক্ত স্থানৰ পৰা উঠি যাবলৈ ভাবুকি দি আহিছিল৷ আলোচনাপন্থী আলফা নেতা জিতেন দত্তই সময়ে সময়ে উচ্চেদ কৰাৰ কথা কৈ আহিছিল৷ সন্দেহ প্ৰকাশ কৰা মতে সেই লোকসকল অবৈধ নাগৰিক৷ প্ৰশাসনক সময়ো বান্ধি দিছিল আলফাই৷

তাৰ পিছত প্ৰশাসনে বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক ভাবে বসবাস কৰা লোকসকলৰ তথ্য পাতি পৰীক্ষা কৰে৷ তিনিচুকীয়া জিলা প্ৰশাসনে নথি পত্ৰ পৰীক্ষা কৰি অবৈধ নাগৰিক নহয় বুলি থিৰাং হয় যদিও চৰকাৰী মাটিৰ পৰা সেই লোকলকক উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি দিছিল প্ৰশাসনে। প্ৰতিশ্ৰুতি অনুসৰি জিলা প্ৰশাসনে উচ্ছেদ কৰিবৰ বাবে যোজা চলাই থকাৰ সময়তে দেওবাৰে এই ঘটনা সংঘটিত হয়৷ তাৰ মাজতে তিনিচুকীয়া প্ৰশাসনে এই ঘটনাক গুৰুত্ব সহকাৰে লৈ সোমবাৰে পুৱাই উচ্ছেদ অভিযান চলাই৷