
নলবাৰীঃ প্ৰাক্তন আছু নেতা তথা সমাজকৰ্মী প্ৰসন্ন কলিতাই দেওবাৰে মৃত্যুক আকোৱালী লয়৷ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰসন্ন কলিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাত তেওৰ ঘৰ গুনমুগ্ধৰে ভৰি পৰে৷ মৃত্যুৰ আগমুহূৰ্তলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল কলিতা৷ সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ প্ৰতিষ্ঠাপক সভাপতি, নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ একতা সভাৰ উপ সভাপতি, বিশিষ্ট সমাজকৰ্মী প্ৰসন্ন কলিতাৰ দেওবাৰে আকস্মিক মৃত্যু হয়।
তেওঁৰ মৃত্যুত সমগ্ৰ নলবাৰী জিলাত গভীৰ শোকৰ ছাঁ পৰে। নলবাৰী সন্ধা নিবাসী প্ৰাক্তন ছাত্ৰ নেতা তথা সমাজকৰ্মী কলিতাৰ নশ্বৰদেহ নলবাৰী আছুৰ ছহিদ ভৱন লৈ অনা হয়। আছুৰ কাৰ্যালয়ত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰুবুল বৰ্মন, সাধাৰণ সম্পাদক নিলকমল বৰ্মন, আছু নেতা শশাংক দত্ত, ভবজিত বেজবৰুৱাই শেষ শ্ৰদ্ধা নিবেদন কৰে৷
আনহাতে অসম উন্নতি সভাৰ নেতা সুকুমাৰ শৰ্মা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জিলা সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ উপ-সভাপতি ডাঃ বিপিন কলিতা, সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ গোবিন্দ কলিতা, নলবাৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকা, নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ কুমাৰ চৌধুৰী, নলবাৰী জিলা অগপৰ সাধাৰণ সম্পাদক কেশৱ ডেকা, নলবাৰী আৰ্ট স্কুল কৰ্তৃপক্ষ, নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰধান সম্পাদক ৰমেন কলিতা, সম্পাদক বসন্ত দাস, দেশ প্ৰাণ নগেন শৰ্মা স্মাৰক ন্যাসৰ নেতৃত্ব,পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ নেতৃত্ব, আদিকে ধৰি বিভিন্ন দল-সংগঠনে পুষ্প মাল্যাৰ্পনেৰে শেষ শ্ৰদ্ধা নিবেদন কৰে।
অনুষ্ঠানত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি অজিত ভাগৱতীয়ে প্ৰাক্তন ছাত্ৰ নেতা প্ৰসন্ন কলিতাৰ জীৱন দৰ্শন সন্দৰ্ভত বাখ্যা কৰি স্মৃতি চাৰণ কৰে। ছাত্ৰ নেতা কলিতাৰ মৃত্যুত শোক প্ৰকাশ কৰি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পতাকা অহা তিনিদিনলৈ অৰ্ধনিমিত কৰি ৰাখিব বুলি জানিব পৰা গৈছে৷