সমস্যাৰে সৈতে যুজ দি পৰীক্ষা দিছে নগাঁৱৰ গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে

নগাঁওঃ এতিয়া পৰীক্ষাৰ বতৰ৷ চহৰ-নগৰৰ সমগ্ৰ ৰাজ্যজুৰি চলি আছে পৰীক্ষাকেন্দ্ৰীক চৰম ব্যস্ততা৷ চৌদিশে এতিয়া প্ৰস্তুতি চলিছে স্কুল পৰ্যায়ৰ বিভিন্ন স্তৰৰ গুৰুত্বপূৰ্ণ বছেৰেকীয়া পৰীক্ষাবোৰৰ৷ এক কথাত বৰ্তমান ৰাজ্যত অব্যাহত আছে পৰীক্ষাৰ বতৰ৷ যোৱা ৪ ডিচেম্বৰৰ পৰা হাইস্কুল স্তৰৰ বছেৰেকীয়া আৰু আগন্তুক বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাছনি পৰীক্ষা অনুষ্ঠিত হৈছে ৷ ইয়াৰ বিপৰীতে নিম্ন আৰু উচ্চ প্ৰাথমিক স্তৰৰ পৰীক্ষাসমূহ অহা ৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব৷

কাজেই, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যয়ণক লৈ বৃদ্ধি পাইছে পৰীক্ষাক কেন্দ্ৰ কৰি অপৰিসীম ব্যস্ততা৷ উল্লেখ্য, বিদ্যালয়ৰ এই পৰীক্ষাবোৰত খুব ভাল ফলাফলেৰে উত্তীৰ্ণ হ’লেহে ছাত্ৰ-ছাত্ৰীসকলে এটা নিৰ্দ্দিষ্ট লক্ষ্যৰে ভৱিষ্যতে উচ্চ শিক্ষা গ্ৰহণৰ বাবে অগ্ৰসৰ হ’ব পাৰে৷ সেয়ে এই পৰীক্ষাবোৰত কৃতকাৰ্য লাভৰ বাবে পৰীক্ষাৰ্থীসকলে যুদ্ধংদেহী মনোভাৱেৰে মনপুতি পঢ়া-শুনা কৰি নিজকে প্ৰস্তুত কৰি তোলে৷

সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে খুব মনোযোগেৰে অধ্যয়ণ কৰি নিজকে সাজু কৰাৰ লগতে প্ৰস্তুতি অব্যাহত ৰাখিছে যদিও নগাঁও জিলাৰ গ্ৰামাঞ্চলৰ পৰীক্ষাৰ্থীসকলে নানা সমস্যাৰ মাজত ককবকাই থাকি পৰীক্ষাক লৈ ব্যস্ততা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে৷ কাৰণ, বিদ্যুতৰ সঘন লুকাভাকু আৰু কেৰাচিনৰ কৃত্ৰিম নাটনিয়ে পৰীক্ষাৰ্থীসকলক পঢ়া-শুনাত অধিক পৰিমানে হেঙাৰ সৃষ্টি কৰিছে ৷ বিদ্যুৎ বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে জিলাখনৰ অধিকাংশ গ্ৰামাঞ্চলৰ ৰাইজে বৰ্তমান সুকলমে বিদ্যুৎ সেৱা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

প্ৰায়েই সঘনে বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ থকাত পৰীক্ষাৰ্থীসকল যথেষ্ট আহুকালৰ সন্মুখীন হৈছে৷ ইফালে,বিদ্যুতৰ এনে দুৰৱস্থাৰ কাৰণে উক্ত গ্ৰামাঞ্চলবোৰত কেৰাচিন অত্যাৱশ্যকীয় হৈ পৰাৰ পূৰ্ণ সুযোগ লৈ এচাম সুবিধাবাদী অসাধু ব্যৱসায়ীয়ে কেৰাচিনৰ কৃত্ৰিম নাটনিৰ সৃষ্টিৰে এক অনাহুত পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে৷ ফলত অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে বিভিন্ন স্তৰৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল৷ সম্প্ৰতি উক্ত গ্ৰামাঞ্চলবোৰত প্ৰতি লিটাৰ কেৰাচিন ৫০-৬০ টকা চৰা দামত বিক্ৰী হৈ থকাত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল কেনে সমস্যাৰ সন্মুখীন হৈছে সেয়া সহজেই অনুমেয়৷