লায়ন্স চকু চিকিৎসালয়ে দেখুৱালে পৃথিৱীৰ ৰং

বোকাজানঃ পৃথিৱাৰ ৰং চাবলৈ মানুহ বলিয়া হৈ থাকে৷ চকুজুৰিয়ে দেখুৱাই মানুহক পৃথিৱাৰ ৰং৷ যদি চকু জুৰিয়ে নাথাকে তেনে ৰামধেনুৰ দৰে ৰং দেখাৰ পৰা মানুহ বঞ্চিত হয়৷ আৰু যদি কিশোৰে চকুৰে এন্ধাৰ এন্ধাৰ দেখে তেনে কোনো কোনো লোকৰ হৃদয়ে এই কথা মানি লব টান পাব৷

কিন্তু এই কথাই সচা তিনি কিশোৰীয়ে হঠাতে চকু দুটাৰে দেখা পোৱা নাছিল পৃথিৱীৰ ৰং৷ তেওলোকে জনা নাছিল পৃথিৱীৰ ৰং কেনেকুৱা৷ কিন্তু কোনোৱে যেন তেওলোকৰ ওচৰত ভগৱান হৈ থিয় দিলে৷

তেওলোকক দেখুৱালে পৃখিৱীৰ ৰং৷ দৰিদ্ৰ, খাটিখোৱা লোকৰ ওচৰত তেওলোক এতিয়া ভগৱান সদৃশ৷ যোৰহাট লায়ন্স চকু চিকিৎসালয় চিকিৎসা কৰি পুনৰ দৃষ্টি শক্তি লাভ কৰিলে তিনিটি কণমানিয়ে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু যোৰহাটৰ লায়ন্স চকু চিকিৎসালয়ৰ সহযোগত নুমলীগড় শোধানাগাৰৰ সামাজিক উন্নয়ন আঁচনিৰ অধীনত বিগত ৩ ডিচেম্বৰত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ থং নকবে ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ত এটি চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈছিল৷

উক্ত শিবিৰৰ পৰা নিতুমায়া ছেত্ৰী (১২), পবিত্ৰা ছেত্ৰী (৯) আৰু বিমলা ছেত্ৰী (৭)ক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ লায়ন্স চকু চিকিৎসালয়লৈ লৈ যায়৷ যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ মুখ্য চিকিৎসক ডাঃ পুলকেশ ভগৱতীয়ে তিনিওটি শিশুৰে সফল চকুৰ অস্ত্ৰোপচাৰ কৰে আৰু শিশুকেইটিয়ে দৃষ্টি শক্তি লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে উক্ত তিনিওটি শিশুৰ চকুত চানি পৰা ৰোগৰ বাবে চকুৰ দৃষ্টি শক্তি কমি যোৱাৰ ফলত শিশুকেইটিয়ে শিক্ষা গ্ৰহণৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছিল৷ শিশু তিনিটিয়ে পুনৰ দৃষ্টি শক্তি লাভ কৰিবলৈ সক্ষম হোৱাত পিতৃ পবিত্ৰ ছেত্ৰীয়ে লায়ন্স চকু চিকিৎসালয়ৰ চিকিৎসক সকলক ধন্যবাদ জনোৱাৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে গ্ৰহণ কৰা এনে প্ৰশংসনীয় পদক্ষেপক শলাগ লৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷