ৰাজ্যৰ শ্ৰেষ্ঠ সমবায় সমিতি হিচাবে স্বীকৃতি লাভ অসম সমবায় মৰাপাট কলৰ

কলিয়াবৰঃ ৰাজ্যৰ শ্ৰেষ্ট সমবায় সমিতি হিচাপে স্বীকৃতি লাভ কৰিলে অসম সমবায় মৰাপাট কলে৷ কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সমবায় বিভাগৰ মন্ত্ৰী পুৰুষোত্তম ৰোটালাই এই স্বীকৃতি প্ৰদান কৰে অসম সমবায় মৰাপাট কলক৷   ১৯৭২ চনতে উৎপাদন আৰাম্ভ কৰা নগাঁও জিলাৰ শিলঘাটত স্থাপিত অসম সমবায় মৰাপাট কলে দেশৰ ভিতৰতে সমবায়খণ্ডত স্থাপিত একমাত্ৰ সমবায় উদ্যোগ।

বিগত কেইবাবছৰ ধৰি ৰাজ্য চৰকাৰৰ অধীনস্থ লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগৰ তালিকাভুক্ত হ'বলৈ সক্ষম হৈ আহিছে শিলঘাটৰ এই মৰাপাট কলটিয়ে। শেহতীয়াভাৱে ৰাজ্যৰ সমবায় সমিতিসমুহৰ ভিতৰতে শ্ৰেষ্ঠতাৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে এই সমবায় সমিতিখন। বৃহস্পতিবাৰে ৰাজ্য চৰকাৰ সমবায় বিভাগৰ উদ্যোগত অয়োজিত এক অনুষ্ঠানত অসম সমবায় মৰাপাট কললৈ প্ৰদান কৰা হয় শ্ৰেষ্ঠতাৰ স্বীকৃতি।

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী পুৰুষোত্তম ৰোটালাই আনুষ্ঠানিকভাৱে মৰাপাট কলটিৰ পৰিচালন সঞ্চালক গুণমনি গগৈক প্ৰদান কৰে স্বীকৃতিপত্ৰ আৰু বটা। অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম সমবায় মৰাপাট কলৰ কাম-কাজক ভূয়সী প্ৰসংশা কৰাৰ লগতে কলটিৰ উন্নতিৰ বাবে সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাসো প্ৰদান কৰে।

উল্লেখ্য যে, এশ শতাংশ থলুৱা শ্ৰমিক-কৰ্মচাৰী নিয়োজিত হৈ থকাৰ লগতে প্ৰায় এহেজাৰ লোকক পোনপটীয়াকৈ সংস্থাপন দি আহিছে নগাওঁ জিলাৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলে।