
বিহালীঃ বিশ্বনাথ জিলাৰ চতিয়া শিশু সংহত উন্নয়ন প্ৰকল্পৰ অধিনৰ এটি অংগনবাড়ী কেন্দ্ৰত তথ্য জালিয়তি কৰাৰ তথ্য পোহৰলৈ আহিছে৷ জানিব পৰা মতে, কৰৈঅনী গাঁও পঞ্চায়তৰ অন্তৰ্গত সমাজ কল্যাণ বিভাগৰ ভেৰভেৰী চুবুৰীস্থতি অংগনবাড়ী কেন্দ্ৰত এগৰাকী ছুবুৰা খাতুন নামৰ মহিলাই আঠ মাহে চাকৰি কৰি চৰকাৰী দৰমহা লাভ কৰি আহিছে৷
একেটা অংগনবাড়ী কেন্দ্ৰত অস্থায়ী ৰূপে কাম কৰি থকা নীৰা ছেত্ৰী নামৰ মহিলাগৰাকীয়ে গাঁওবুঢ়া আৰু ৱাৰ্ড সদস্যৰ প্ৰমাণ পত্ৰ আৰু স্বাক্ষৰ জাল কৰি গোচৰ ৰুজু কৰি চাকৰি দাবী কৰাৰ ফলত তেওক আদালতে চাকৰি দিবলৈ ৰায় দিয়ে৷ উত্থাপিত অভিযোগ মতে নীৰা ছেত্ৰীয়ে চাকৰিত যোগাদান কৰিব আহে৷ যোগদান কৰিব অহাৰ পিছতে ওৰহিৰ ওৰ ওলায়৷ নীৰা ছেত্ৰীক গাঁওবুঢ়া আৰু ৱাৰ্ড সদস্যই কোনো ধৰণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা নাই বুলি এক ৰাজহুৱা সভাত স্বীকাৰ কৰে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা নীৰা ছেত্ৰীয়ে ভুৱা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰে গোচৰ তৰি চাকৰিৰ নিৰ্দেশ লাভ কৰাৰ পিছতে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজে নীৰা ছেত্ৰীক কোনো কাৰণতে অংগনবাড়ী কেন্দ্ৰত প্ৰৱেশ কৰিব নিদিয়ে বুলি ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে চাকৰিক লৈ এনে বেমেজালি কৰাৰ ফলত প্ৰায় আঠ মাহ ধৰি অংগনবাড়ী কেন্দ্ৰটো বন্ধ হৈ থকাত ক্ষোভিত হৈ পৰিছে অভিভাৱক সকলে। ইফালে নীৰা ছেত্ৰীৰ পৰিৱৰ্তে ছুবুৰা খাতুনক অতি শীঘ্ৰেই চাকৰিত নিয়োগ কৰিবলৈ বিভাগীয় কৃৰ্তৃপক্ষক স্থানীয় ৰাইজে দাবী জনায়।