
বাইহাটা চাৰিআলিঃ ৰাজ্যৰ স্বাস্থা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্সাৰ জ্ঞানৰ লগতে বুৰঞ্জী জ্ঞান দি থকাৰ সময়তে কামৰূপৰ বাইহাটা চাৰিআলিত দেওবাৰে এগৰাকী বিহাৰৰ ভুৱা চিকিৎসকক আটক কৰিবলৈ সক্ষম হয়৷ বিহাৰৰ বাসিন্দা তথা গুৱাহাটী মহানগৰৰ লাল গণেশত ভাড়াতীয়া দেৱ চৰণ প্ৰসাদ পুত্ৰ অমিত কুমাৰক আটক কৰিবলৈ সক্ষম হয়৷
বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বালিকুছি চকত অস্থায়ী চেম্বাৰ খুলি ঠগ প্ৰবঞ্চনাৰে ধন ঘটাৰ বাবে নিজকে চিকিৎসক ৰূপে পৰিচয় দি আহিছিল অমিত কুমাৰে৷ অবৈধ ভাৱে চিকিৎসা সেৱা চলাই অহাৰ অভিযোগত দেওবাৰে ৰাইজে ক্ষোভিত হৈ পৰে৷
বালিকুচি বজাৰ সমিতিয়ে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ জিলাখনৰ অতিকৈ অনগ্ৰসৰ পিছপৰা অঞ্চল বালিকুচিত বিহাৰৰ যুৱকজনে চিকিৎসা সেৱা আগবঢ়াই যোৱাৰ সময়তে দেওবাৰে একাংশ লোকৰ সন্দেহ ওপজাত চিকিৎসকগৰাকীৰ চিকিৎসাৰ ডিগ্ৰীৰ তথ্য-পাতি চাব বিছাৰে৷ চিকিৎসকগৰাকীয়ে প্ৰমাণ প্ৰত্ৰ দেখুৱাব নোৱাৰাত ৰাইজে তেওক আৱদ্ধ কৰি আৰক্ষীক গতাই দিয়ে৷