
গৌৰীসাগৰঃ সমগ্র ৰাজ্যতে অতি উলহ মালহেৰে আয়োজন কৰা গুণোৎসৱত কালিমা সানিবলৈ এচাম অসাধু চক্র যে উঠি পৰি যে লাগিছে তাক নুই কৰিব নোৱাৰি৷ তাৰেই স্পষ্ট প্রতিফলন ঘটিল শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত৷
গুণোৎসৱৰ গুণক কালিমা সানি বিদ্যালয়খনৰ অতীতৰ গুণ গৰিমা লগতে বৰ্তমানৰ শৈক্ষিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, খেলা-ধূলা আদিৰ ক্ষেত্রত ছাত্র-ছাত্রীসকলে আগুৱাই যোৱাৰ ক্ষেত্রত এচাম চকুচৰহা লোকৰ কৃপদৃষ্টি পৰিছে৷ যাৰ ফলত চদ্ম নামেৰে দৈনিক জনম ভূমি নামৰ বাতৰি কাকতখনলৈ প্রেৰণ কৰা বাতৰিত প্রকাশ পাইছে "দিখৌমুখত গুণোৎসৱৰ ভেল্কিবাজী" শীৰ্ষক লেখা৷
সেই ভেল্কীবাজী মৰা বেজ দুজন হ'ল পৰশমণি দত্ত আৰু ৰুমা কাগয়ুং৷ ঠিকনা ঠেকেৰাতল গাঁও৷ অৱশ্যে অনুসন্ধান কৰি পোৱা গ’ল যে ঠেকেৰাতলত তেনে নামৰ কোনো ব্যক্তি নাই৷
দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱৰ ক্ষেত্রত বিদ্যালয়খনৰ মানদণ্ড অধিক উন্নত কৰাৰ ক্ষেত্রত বিদ্যালয়ৰ শিক্ষকসকলে দিনে ৰাতিয়ে কাম কৰা স্বত্বেও কিয় এনে ভূৱা বাতৰি ভূৱা ব্যক্তিয়ে প্রকাশ কৰিছে তাক লৈয়ো জাঙুৰ খাই উঠিছে দিখৌমুখ আঞ্চলিক ছাত্র সন্থা, দিখৌমুখ মহিলা সমিতি, দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, বিদ্যালয়ৰ ছাত্র-ছাত্রী অৱিভাৱক লগতে বিভন্ন দল-সংগঠন আৰু প্রাক্তন ছাত্র-ছাত্রীসকল৷
বিদ্যালত্ৰ ছাত্র-ছাত্রীসকলে মুখত ক’লা কাপোৰ মাৰি তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ লগতে অন্যান্য দল-সংগঠন আৰু মহিলা সমিতি আদিয়ে ভূৱা বাতৰি প্রচাৰ কৰা ব্যক্তিৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে দিখৌমুখৰ ৰাজপথ৷ লগতে উক্ত বাতৰিত প্রকাশিত দিখৌমুখত গুণোৎসৱৰ ভেল্কীবাজি শিৰোনাম দাহেৰে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷
সকলো দিখৌমুখবাসী ৰাইজ আৰু দল-সংগঠনৰ সহযোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি এনে ভূৱা ব্যক্তিক চিনাক্ত কৰিবৰ বাবে স্থানীয় গৌৰীসাগৰ আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছে ৰাইজে৷
দৈনিক জনমভূমিত প্রকাশ কৰা হৈছে বিদ্যালয়খনৰ প্রধান শিক্ষক আৰু কেইজন মান শিক্ষকৰ অমনোযোগিতাৰ কথা উল্লেখ কৰা হৈছে৷ লগতে শিক্ষক কেইজনক লৈ ভূৱা প্রচাৰ চলোৱা হৈছে৷
উল্লেখ্য যে, বিদ্যালয়খনৰ লগত হাড়ে হিমজুৱে লাগি সকলো ফালৰ পৰা আগুৱাই লৈ যোৱাত এইকেইজন শিক্ষকৰ অৰিহণা অপৰিসীম৷ যাক লৈ বিদ্যালয় তথা দিখৌমুখবাসীয়ে গৌৰৱ অনুভৱ কৰে৷ তেনেস্থলত এইকেইজন শিক্ষকক কৰা এনে অপমানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন৷
লগতে উল্লেখ কৰা হৈছে বিদ্যালয় খনলৈ গুণোসৱৰ দিনা পঢ়াত দূৰ্বল ছাত্র-ছাত্রী সকলক বিদ্যালয়লৈ নাহিবলৈ কোৱা হৈছে, যিখন বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে অসমীয়া বিষয়ত প্রথম স্থান লাভ কৰিছে৷
যিখন বিদ্যালয়ত ছাত্র-ছাত্রীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্নৰ হাৰ প্রায় ৯৮ শতাশ, যিখন বিদ্যালয়ত সমগ্র দিখৌমুখ অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেন্দ্র, তেনে এখন বিদ্যালয়ৰ এনে এক অবান্তৰ ঘটনা সংঘটিত কেতিয়াও যে হ'ব নোৱাৰে বুলি স্থানীয় ৰাইজে দাবী কৰিছে৷
লগতে স্থানীয় ঠেকেৰাতল গাঁৱৰ বদনাম কৰাক লৈয়ো সৰৱ হৈ পৰিছে ঠেকেৰাতলবাসী আৰু এনে কাৰ্য্যক তীব্র ভাষাৰে গৰিহণা দি দুষ্ট চক্রৰ বিৰুদ্ধে সমগ্র দিখৌমুখবাসী জাগি উঠা পৰিলক্ষিত হৈছে৷ অতি সোনকালে দোষীক কৰায়ত্ব নকৰিলে তীব্র আন্দোলনৰ হুংকাৰ দিছে স্থানীয় দল-সংগঠন আৰু ৰাইজে৷