
newsnextone.com | গোৰেশ্বৰঃ বাম্পাৰৰ অফাৰৰ লোভ দি এইবাৰ দুষ্ট চক্ৰই লুটি লৈ গ’ল ৮৫০০ টকা৷ অনলাইন শ্বপিং কৰাৰ পিছত গ্ৰাহকে বাম্পাৰ অফাৰ লাভ কৰা বুলি গ্ৰাহকৰ নম্বৰলৈ ফোন আহে৷ আৰু এই ফোন ৰিচিভ কৰি যদি আপুনি বাম্পাৰ অফাৰ দিওতাৰ কথাত পতিয়ন যায়, তেন্তে তেওঁলোকে আপোনাক বুৰ্বক বনাই লুটি লৈ যাব আপোনাৰ বেংকৰ জমাৰাশি৷
বুধবাৰে বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত কেৰ্পাভিঠা গাঁৱৰ হেমন্ত শৰ্মা নামৰ যুবকজনৰ পৰা অজ্ঞাত দুষ্ট চক্ৰই এনেদৰেই লুটি লৈ গ’ল ৮ হাজাৰ ৫০০ টকা।
প্ৰাপ্ত তথ্য মতে, যোৱা ৪ জুনত যুবকজনে ভিডিঅকণ টিভিৰ হোম স্ক্ৰীণত ‘হোম শ্বপ ১৮’ নামৰ অনুষ্ঠানটো চাই ১৮০০২৫৮০৯১৮ ফোন নম্বৰলৈ ফোন কৰি ১২৯৯ টকা মূল্যত ৫টা চাৰ্ট অৰ্ডাৰ কৰে। তাৰ পিছতে যুবকজনৰ মোবাইলৈ এটি মেজেজ আহে যে ১০২৩৪৬৭৬৪৫ অৰ্ডাৰ মতে তেওঁৰ বুকিং হৈ গৈছে আৰু কম দিনৰ ভিতৰতে সামগ্ৰী খিনি লাভ কৰিব।
ইপিনে বুধবাৰে যুবকজনৰ মোবাইললৈ ৯১১৭০৪১১৫০ মোবাইল ফোন নম্বৰৰ পৰা ফোন আহে য'ত কোৱা হয় যে তেওঁ হোম শ্বপ ১৮ ত শ্বপিং কৰা বাবে বাম্পাৰ অফাৰ হিচাপে ‘টাটা চাফাৰী’ বাহন এখন লাভ কৰিছে । ১২ লাখ ৭ হাজাৰ টকাৰ মূল্যৰ বাহনখন ল'ব বিচাৰিলে তেওঁ ১ শতাংশ আৰু গাড়ীৰ সলনি ধন ল’ব বিচাৰিলে ২ শতাংশ ধন বেংকত জমা দিব লাগিব।
যুবকজনে ধন ল’ব বিচাৰিব বুলি কোৱাত লগে লগে তেওঁলোকে বেংক একাউন্ট নম্বৰ ৩৭৬৩৬৮৬৪৬০৩ আৰু আইএফচি নম্বৰ এচবিআই এন ০০১৫৯৩৩ নম্বৰ যুবকজনৰ মোবাইলত মেছেজ কৰে, যিটো ঝাৰখণ্ডৰ জনৈক বিনোদ বৰ্মাৰ নামত আছিল। গোৰেশ্বৰৰ যুবকজনক অফাৰৰ টকাখিনি লাভ কৰিবলৈ ৰেজিষ্ট্ৰেছন মাচুল হিচাপে তেওঁক ৮৫০০ টকা জমা কৰিবলৈ কয় দুষ্ট চক্ৰটোৱে। সেই মৰ্মে যুবকজনে বেংক যোগে টকাখিনি জমা কৰি দিয়ে।
কিছু সময় পিছত পুনৰ উক্ত নম্বৰৰ পৰা ফোন কৰি কোৱা হয় যে টকাখিনি পোৱা গৈছে কিন্তু বেংকৰ লেনদেন সীমিত হৈ থকা বাবে ইমানখিনি বাম্পাৰ অফাৰ ধন তেওঁক দিব পৰা নাযাব সেয়ে বেংকৰ মেনেজাৰে তেওঁক ফোন কৰি কথাখিনি বুজাই দিব। কিছুসময় পিছতে আন এটা ফোন কল যুবকজনলৈ আহে আৰু বেংকৰ লেনদেন সীমিত হৈ থকা বাবে তেওঁক পুনৰ এটা আন বেংক একাউন্ট নম্বৰ দি এইবাৰ ২৫ হাজাৰ ৭০০ টকা জমা কৰিব কয়।
এইবাৰ যুবকজনৰ সন্দেহ উপজে আৰু বাকীখিনি ধন জমা কৰাৰ পৰা বিৰত থাকে। তেওঁৰ আন এজন বন্ধুয়ে উক্ত নম্বৰটোলৈ ফোন কৰাত তেওঁৰো নম্বৰটোত বাম্পাৰ অফাৰ লগা বুলি কৈ টকা জমা কৰাৰ পদ্ধতিটো একেদৰে বুজাই। ইয়াৰ পিছত এইয়া হোম শ্বপ ১৮ ৰ নামত ভুৱা বুলি নিশ্চিত হয়৷
যিসময়ত অনলাইন শ্বপিং জনপ্ৰিয় হৈ পৰিছে সেই সময়ত এনেদৰে গ্ৰাহকক প্ৰবঞ্চনা কৰা ঘটনাই ভবাই তুলিছে সচেতন মহলক।
এনেবোৰ চক্ৰৰ হাতত পৰি সাধাৰণ লোক সৰ্বশ্ৰান্ত হোৱা ঘটনা নতুন নহয় যদিও গ্ৰাহকক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰশাসনে তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।