
আমগুৰিঃ মূগা পলুৰ বাবে বিখ্যাত অসম৷ অসমৰ গাঁৱে-ভূঞে অসম চৰকাৰে পৰিচালনা কৰা অগণন মূগাৰ ফাৰ্ম আছে৷ একালত মূগাৰ ফাৰ্ম সমূহত টাকুৰীৰে সূতা কটাৰ পৰা আৰম্ভ কৰি সকলো কামেই হৈছিল৷ কিন্তু সেই সমূহ লাহে লাহে এৰাবাৰীত পৰিণত হ’ল৷
একালত মূগা সূতা তৈয়াৰ কৰাৰ বাবে অসমৰ শিপিনী ব্যস্ত হৈ পৰিছিল৷ অসমৰ গাঁৱৰ পাকৈত শিপীনীয়ে তাঁতৰ শালত মূগা-ৰিহাৰ কাপোৰ তৈয়াৰ কৰি বিশ্বত উজলি উঠিছিল৷ বহাগ বিহু অহাৰ লগে লগে নাচনীৰ মূগাৰ কাপোৰ যোৰ, অসমীয়া যুৱতীৰ বিয়াৰ সময়ত মূগাৰ সাঁজৰ কথা মনলৈ আহে৷ অসমৰ ঐতিহ্য, পৰম্পৰা, মান-অভিমান জৰিত হৈ আছে মূগা কাপোৰৰ সৈতে৷
কিন্তু অসমৰ কোনো এখন চৰকাৰে মূগা পলুৰ ফাৰ্ম কেইখনক গুৰুত্ব প্ৰদান কৰা নাই৷ শেহতীয়াকৈ অসমৰ এখন ঐতিহ্যমণ্ডিত মূগাৰ ফাৰ্ম ধ্বংস কৰিবলৈ ওলাইছে চৰকাৰে৷ এচিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ মূগা ফাৰ্মখন ধ্বংসৰ গৰাহত পৰাত ৰাইজে ক্ষোভিত হৈ পৰিছে৷
একাংশ বিষয়াৰ ছত্ৰছায়াত একাংশ মন্ত্ৰী-বিধায়কৰ আপোন ধনাঢ্য লোকে দিশে নিশাই ফাৰ্মখনৰ ভূমি খনন কৰি আহিছে। অবৈধ খননৰ নামত শ-শ চোম গছ ইতিমধ্যেই উঘালি পেলাইছে ভূমাফিয়াই। আমগুৰিস্থিত বৰাহিবাৰী মূগা ফাৰ্মৰ মাটিকালী হৈছে ১১ শ বিঘা৷ কিন্তু ক্ৰমান্বয়ে মাটিকালী কমি আহিছে ফাৰ্ম খনে৷
ইতিমধ্যে বহু মাটি বেদখলকাৰীৰ কৱলত পৰিছে৷ এচিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ ফাৰ্মখনে ক্ৰমশঃ ধ্বংসৰ গৰাহলৈ গতি কৰিছে যদিও স্থানীয় প্ৰশাসন, মন্ত্ৰী-বিধায়ক সকলোৱে নীৰৱে চাই গৈছে যদিও ধৰোতা কোনো নাই৷
ফাৰ্মখনৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগৰ পৰাই প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাত খান্দি বহু চোম গছ ধ্বংস কৰে ভূমাফিয়াই৷ ফাৰ্মৰ কৰ্মচাৰীৰ লগত মিলি স্থানীয় এজন ব্যৱসায়ীয়ে দৈনিক ফাৰ্মখনৰ মাটিত অবৈধ ভাৱে খনন কাৰ্য চলোৱাৰ ফলত সংকুচিত হ'বলৈ ধৰিছে ফাৰ্মৰ ভূমি। খননৰ ফলতেই ইতিমধ্যে বহু চোম গছ উঘালি পৰিছে।
উল্লেখ যে, ফাৰ্মখনৰ সমীপৰ বৰাহীবাৰী, চাংমাই, নৰা ভিতৰুৱাল আদি গাঁও আৰু লালিমচিগা, লালিম চাপৰি আদিকে ধৰি বহু অঞ্চলৰ মূগা পালকে এই ফাৰ্মখনতে মূগা পালন কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ আহিছে যদিও ফাৰ্মখন এনেদৰে সংকুচিত হৈ অহাৰ ফলত এতিয়া মূগাপালক সকলক চিন্তিত হৈ পৰিছে৷
বন আইন উলংঘা কৰি ফাৰ্মখনৰ কৰ্মচাৰীৰ চকুৰ সমুখতেই অবৈধ খনন কৰা কাৰ্যই কেৱল টকাৰ বাবে বিষয়াই সকলো জলাঞ্জলি দিব পাৰে তাকেই প্ৰমাণ কৰে৷ এচিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ ফাৰ্মখনৰ ধ্বংস যজ্ঞ ৰোধ কৰিবলৈ দাবী জনাই বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় কৃষকে৷ অন্যথাই তীব্ৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰে ৰাইজে৷