ওদালগুৰিত হাজাৰ হাজাৰ বিঘা খেতিপথাৰ জাহ গ’ল নৈৰ বুকুত

শুক্লাইঃ আহিল বান, গ’ল৷ হেজাৰ লোকৰ সপোনৰ ঘৰখন, পথাৰ খন উচন কৰি বানে সৃষ্টি কৰিলে সন্ত্ৰাস৷ তাৰ পাছত বান শেষ৷ বানে ভাঙি থৈ যোৱা ঘৰখন থানথিত লগাবলৈ চেষ্টা আৰম্ভ কৰিলে মানুহবোৰে৷ পথাৰখন উচন কৰি যোৱাৰ পাছত পুনৰ জীপ লৈ কৃষক ৰাইজে পথাৰত সিঁচিলে হেপাঁহৰ কঠিয়া৷

কিন্তু বানৰ পাছত এইবাৰ কৃষকৰ সপোন কাঢ়িবলৈ উঠি পৰি লাগিছে নৈৰ গৰাখহনীয়াই৷ এতিয়া দীপাৱলী আৰু কাতিবিহুৰ বতৰ৷ পিছে কৃষক সকলক যেন এই উচাহে চুব পৰা নাই। বানৰ পাছতে নিজৰ খেতিডৰা নৈ বুকুত জাহ যোৱাৰ পাছত মুৰে কপালে হাতে দিছে খেতিয়কে।

ভাৰত-ভূটান সীমান্তৰ ওদালগুৰি আৰু বাক্সাক পৃথক কৰা বৰনদীয়ে (পাথৰ নদী) আটাৰীখাট উত্তৰ নাওঁবান্ধা অঞ্চলত গৰাখহনীয়াৰ সৃষ্টি কৰাত হাজাৰ হাজাৰ বিঘা ধান খেতি জাহ যোৱাত কৃষক সকল ভাগি পৰিছে।

অকল ধান খেতিয়েই নহয়, কেইবাখনো ক্ষুদ্ৰ চাহ খেতিৰ বাগিচা এই নৈৰ বুকুতে জাহ গৈছে৷ কিন্তু ইয়াৰ পাছতো এই সকল কৃষকৰ দুৰ্দশাৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধি কিম্বা চৰকাৰ প্ৰশাসনৰ৷