নগাঁৱৰ বেছামাৰীত কৃষি পথাৰতে কৃষকৰ মৃত্যু

নগাঁওঃ কৃষি কৰ্মত ব্যস্ত হৈ থকাৰ সময়তে এগৰাকী কৃষকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হয়৷ নগাও জিলাৰ বটদ্ৰৱাৰ আহোম গাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত মাগুৰমাৰী গাঁৱত যুৱ কৃষক জনে বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক আকোৱালি লোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে৷

প্ৰাপ্ত খবৰ মতে, মাগুৰমাৰী গাঁও নিবাসী নচৰ উদ্দিনৰ পুত্ৰ মতিউৰ ৰহমানে (২৫) নিজা পুখুৰীত পানী দিয়াৰ উদ্দেশ্যে ইলেকট্ৰনিক পানী উঠোৱা মেচিনৰ চুইছ বৰ্ডত হাত দিয়াৰ লগে লগে শ্বৰ্ট শ্বাৰ্কিট হৈ অকাল মৃত্যুক সাৱটি ল’ব লগা হয়। স্থানীয় ৰাইজে ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে  নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যুৱক জনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰ।