
newsnextone.com | তামুলপুৰঃ কৃষক তথা শ্ৰমজীৱি সাধাৰণ লোকক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অহাটো অসমত ডাঙৰ কথা নহয়৷ বিদেশী ইংৰাজৰ দিনৰ পৰাই শোষণ- শাসন, নিষ্পেষণৰ বলি হৈ অহা কৃষক শ্ৰেণীটোৱে সময়ে সময়ে নিজৰ অধিকাৰৰ বাবে জংগী কৃষক বিদ্ৰোহ কৰিব লগা হৈছে৷
বিদ্ৰোহ কৰি নিজ অধিকাৰ বিচাৰিব লগা হৈছে৷ ইংৰাজ গ’ল দেশ স্বাধীন হ’ল কিন্তু আমাৰ ৰাজ্যৰ কৃষকে আজিও ন্যায় লাভ নকৰিলে৷ একঠা মাটিৰ পট্টাৰ বাবে আন্দোলন কৰিব লগা হৈছে কৃষকে৷
কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে জকাইচুকৰ ভূমিহীন কৃষকক মাটিৰ পট্টা দিয়াৰ দাবী উত্থাপন কৰি অহাৰ সময়তে এইবাৰ অসমৰ থলুৱা কৃষকে নিজৰ কৃষি ভূমি ডৰাত খেতি কৰাৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷
দৰিদ্ৰ, খাটিখোৱা কৃষকে ভূমিৰ অধিকাৰ বিচাৰি কৃষি পথাৰত প্ৰতিবাদ কৰিবলগীয়া হৈছে অসমত৷ তেজ দিম মাটি নিদিও, আমাৰ মাটি আমাৰ অধিকাৰ, প্ৰশাসন হুছিয়াৰ আদি শ্ল’গানেৰে খেতি পথাৰত প্ৰতিবাদ সাব্যস্ত কৰে বিটিএডিৰ বাক্সা জিলাৰ নাগ্ৰিজুলীৰ দোঙৰগাঁৱৰ কৃষকে৷ কৃষকৰ মাটি এনজিঅ’ৰ জৰিয়তে মহকুমা প্ৰশাসনে অধিগ্ৰহণ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে কৃষি পথাৰলৈ ওলাই আহে কৃষক৷ তেওঁলোকে খাজনা দি খেত কৰি থকা কৃষিভূমি নিশাৰ ভিতৰতে কোনো এনজিঅ’ক প্ৰদান কৰে৷ তাৰ পিছতে ক্ষোভিত খেতিয়তে পুনৰ খেতি কৰাৰ অধিকাৰ বিচাৰি আন্দোলন কৰিব লগা হয়৷
উল্লেখ্য যে, বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলীৰ ২নং দোঙাৰগাঁও এলেকাত ২০০২ চনৰ প্ৰলয়কাৰী বানপানী হৈছিল৷ বানপানী, গৰাখহনীয়াই ৫০টা পৰিয়ালৰ সকলো উটুৱাই নিছিল৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, ১৯৫৮ চনৰ পৰা ১৯৭০ চনলৈতে তেওঁলোকে তেওঁলোকে দোঙাৰগাঁৱত বসবাস কৰিছিল।
কিন্তু ২০০২ চনত বৰ নৈৰ বাঢ়নী পানীৰ বাবে ভয়াবহ বানৰ কৱলত পৰাক সেই সময়ত হেলিকেপ্তাৰেৰে ৰাইজক উদ্ধাৰ কৰিব লগা হয়৷ ঘৰ-দুৱাৰ সকলো হেৰুওৱা লোকসকলক বিভিন্ন স্থানত সংস্থাপিত কৰে। বৰ নৈৰ সোঁত সলনি হোৱাত পূৰ্বৰ ভূমি পুনৰ নৈৰ বুকুৰ পৰা মুক্ত হয়৷ ফলত সেই লোকেসকলে আগৰ ঠাইতে বসবাস কৰাৰ বাবে ঘৰ সাজি খেতি কৰাৰ বাবে যোজাঁ চলাইছিল।
এনে অৱস্থাত কোনো দিনে নাম নুশুনা ইণ্ডো ভূটান ইক টুৰিজিম ছচাইটি নামৰ এন জি অ’ এটাই মাটি খিনি দখলৰ প্ৰয়াস কৰিছে বুলি অভিযোগ উত্থাপন কৰে। কিছু দিন পূৰ্বে ৰাইজে টেক্টৰেৰে খেতি কৰিবলৈ ধৰোতে প্ৰশাসনে বাধা দিয়ে। ১৯৬০ চনৰ পিছৰ পৰাই উক্ত মাটিখিনিৰ তৌজিবাহী খাজানা দি আহিছে বুলি কয় ৰাইজে। ২০০২ চনৰ তেতিয়াৰ স্থানীয় বিধায়কগৰাকীয়ে ৰাইজক পুনৰ মাটিৰ পাট্টা দিয়াৰ বাবে লিখি দিছিল বিভাগীয় কৰ্তৃপক্ষক। কিন্তু শেহতীয়াভাৱে তামুলপুৰ মহকুমা প্ৰশাসনে কৃষকসকলক বাধা প্ৰদান কৰাত প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মাটিৰ বিনিময়ত তেজ দিবলৈ সাজু আছে বুলি হুংকাৰ দিয়ে৷