৩৪ হাজাৰ কৃষকৰ বাবে নাই মোডীৰ টুইট, নিমাত কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধা মোহন

ডিজিটেল ডেস্কঃ কৃষকৰ মিছিল মহাৰাষ্ট্ৰৰ বাণিজ্যনগৰী মুম্বাইত উপস্থিত হৈ দেশ কঁপোৱাৰ সময়তে কঁপনি উঠিছে মহাৰাষ্ট্ৰ চৰকাৰৰ ভিতৰচৰাত৷ মহাৰাষ্ট্ৰ চৰকাৰে প্ৰতিবাদক গুৰুত্ব সহকাৰে লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰণবিজে কৃষকৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহি সকলো দাবী পূৰণ কৰাৰ বাবে চিন্তা চৰ্চা কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ ৰাজ্য চৰকাৰে যিকোনো প্ৰকাৰে প্ৰতিবাদকাৰীক সৈমান কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও কেন্দ্ৰ চৰকাৰ নিমাত হৈ থকা ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।  

শাসনাধিস্থ গেৰুৱা দলৰ সমৰ্থনকাৰীয়ে হওক বা বিৰোধীয়ে হওক, কৃষকৰ বহুদিনীয়া অভিযোগ পুৰণৰ দাবীত মুম্বাইৰ মিছিলত যোগ দিছেহি বিভিন্ন দল-সংগঠনে। মুখ্যমন্ত্ৰীয়ে ৬ জনীয়া সমিতি গঠন কৰি কৃষকৰ দাবী সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে৷ কিন্তু ৩৪ হাজাৰ কৃষক ৰাজ পথত থকাৰ সময়ত নীৰৱ হৈ আছে কেন্দ্ৰীয় মন্ত্ৰী৷ দেশৰ কৃষি মন্ত্ৰী ৰাধা মোহন সিঙে এতিয়ালৈ এটাও শব্দ কোৱা নাই৷ সমগ্ৰ দেশৰ নজৰ কৃষক আন্দোলনৰ ওপৰত আছে যদিও দেশৰ কৃষকৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা বিষয়টো চৰ্চাৰ কাৰণ হৈ পৰিছে৷

আকৌ টুইটাৰত সততে সক্ৰিয় হৈ থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এতিয়ালৈ এটাও শব্দ নকৰাৰ লগতে টুইট কৰা পৰিলক্ষিত হোৱা নাই৷ উল্লেখ্য যে, মহাৰাষ্ট্ৰ নাছিকৰ পৰা মুম্বাইলৈ ১৯০ কিঃ মিঃ পথ খোজকাঢ়ি আহিছে ৩৪ হাজাৰ কৃষক৷ মহাৰাষ্ট্ৰ বিধান সভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে সোমবাৰে আজাদ ময়দানত সমৱেত হৈ  কৃষক-শ্ৰমিকে বিভিন্ন দাবী পূৰণ কৰাৰ বাবে দাবী জনায়।

কৃষিকাৰ্যত প্ৰয়োজন হোৱা বীজৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য কীটনাশক, সাৰ, পানী আদিৰ দাম বাঢ়ি অহাৰ বিপৰীতে কৃষকৰ আয় কমি অহাৰ ফলত বহু কৃষকে আত্মহত্যা কৰাৰ ঘটনা সংবাদমাধ্যমত প্ৰচাৰ হৈ আহিছে। কৃষকে চৰকাৰক ঋণ মাফ কৰা, ভূমি অধিগ্ৰগণ বন্ধ কৰা, কৃষকক ভূমি পট্টা দিয়া, নুন্যতম সমৰ্থন মূল্য (মিনিমাম চাপ’ৰ্ট প্ৰাইচ চমুকৈ এমএচপি)ৰ নিৰিখ বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছে কৃষকে।