হেল নৈত মাছ ধৰিবলৈ গৈ পিতা-পুত্ৰৰ গ’ল প্ৰাণ

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত বলদিয়াবাথাননৰ হেল নৈত মাছ ধৰিবলৈ গৈ পিতা পুত্ৰৰ সলিলসমাধি ঘটাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। 

মাছ মাৰিবলৈ গৈ হেল নদীত সলিল সমাধী ঘটা পিতাপুত্ৰক ক্ৰমে ৰতিকান্ত ৰায়(৫৬)আৰু তেওঁৰ ৮ বছৰীয়া সন্তান বকুল ৰায় বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, কালি বিয়লি ৰতিকান্ত ৰায়ৰ কণমানি সন্তান বকুল ৰায়ে মাছ খাবলৈ পিতাকক আব্দাৰ কৰাত পিতাক ৰতিকান্তই পুত্ৰ বকুলক লৈ হেল নদীত মাছ মাৰিবলৈ যায়। 

ৰতিকান্তৰ সহধৰ্মিনী তথা বকুলৰ মাতৃয়ে মাছ মাৰিবলৈ যোৱাত বাধা দিয়া সত্বেও পিতা পুত্ৰ মাছলৈ যায়। সন্ধিয়া হোৱাৰ পিছতো পিতা পুত্ৰ ঘৰলৈ ঘুৰি নহাত পৰিয়ালৰ সদস্যৰ মাজত উৎকণ্ঠা বাঢ়ে আৰু মাকে নিজেই বিচাৰি যায়। 

বহু সময় বিচৰাৰ পিছতো কোনো সন্ধান নোপোৱাত গাঁওবাসীক পিতা পুত্ৰ সন্ধানহীন হোৱাৰ বিষয়ে অৱগত কৰে আৰু গাঁৱৰ একাংশ ৰাইজে হেল নৈত পিতা-পুত্ৰক বিচাৰি অভিযান চলায়।

বহুসময় বিচৰাৰ পিছত গাঁওবাসীয়ে হেল নৈৰ পৰা পিতা-পুত্ৰৰ নিথৰ দেহ কালি নিশা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। আৰক্ষীয়ে পিছত মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে।