একালত পথৰ দাতিত চূণ বিক্ৰী কৰা এতিয়াৰ আগশাৰীৰ ব্যৱসায়ী অজয় গগৈক সম্বৰ্ধনা

newsnextone.com | ডিব্ৰুগড়ঃ তেওঁ দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল৷ একালত পথৰ দাতিত চূণ বিক্ৰী কৰিছিল ঘৰ চলাবলৈ৷ জন্মৰ পৰাই দৰিদ্ৰতাক ওচৰৰ পৰা দেখা লোকগৰাকীয়ে কেতিয়াও সংগ্ৰাম কৰিবলৈ এৰা নাছিল৷ দৰিদ্ৰতাৰ ওচৰত হাৰ নামানি সংগ্ৰাম কৰি কিবা এটা কৰি দেখুওৱাৰ আশা পুহি ৰখা লোকগৰাকী এতিয়া উজনিৰ আগশাৰীৰ ব্যৱসায়ী৷

সৰু সৰু কামত নিমজ্জিত হৈ সাধনা কৰি এতিয়া আগশাৰীৰ ব্যৱসায়ী৷ পিতৃ-মাতৃৰ উপাৰ্জনেৰে পৰিয়াল নচলে বাবে ডাঙৰ হৈয়ে ব্যৱসায়ত হাত দি পৰিয়াল-পোহপাল দিছিল৷ পুৱাই ভাত সাজ খাই ঘৰৰ পৰা ওলাই গৈ নিতৌ ডাঙৰ মানুহ হোৱাৰ বাবে কৰিছিল সংগ্ৰাম৷

নিজ ইচ্ছা, সংগ্ৰাম আৰু সাধনাই সেই যুৱকজনক উন্নয়নৰ উচ্চ শিখৰলৈ নিলে৷ সেই লোকগৰাকী হৈছে ডিব্ৰুগড় জিলাৰ ডিকম অঞ্চলৰ বিশিষ্ট সমাজসেৱক অজয় গগৈ৷ দেওবাৰে সমাজ জীৱনলৈ অাগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট সমাজসেৱক তথা সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈক দেওবাৰে সাংবাদিক সুৰক্ষা মঞ্চই সম্বৰ্ধনা যাচে৷ 

ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ উদ্যোগত ডিকম ইকৰাতলী খনিকৰ গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰঙালী বিহুৰ মুকলি সভাৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অজয় গগৈক সম্বৰ্ধনা পত্র, চেলেং চাদৰ অাৰু নামঘোষাৰে সম্বৰ্ধনা যাচে সাংবাদিক সংগঠনটোৱে৷

বিশিষ্ট সমাজকৰ্মীজনে সম্বৰ্ধনা পত্র গ্ৰহণ কৰি ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চক শুভেচ্ছা জনাই অতিত সোঁৱৰে৷ এটা সময়ত এসাঁজ ভাতৰ বাবে সংগ্ৰাম কৰাৰ কথা কৈ সাংবাদিক সুৰক্ষা মঞ্চক ধন্যবাদ জনাই ভৱিষ্যতে সমাজৰ ববাে দহৰ বাবে দুগুন উৎসাহেৰে কাম কৰি যাম বুলি কথা৷ 

অানহাতে সাংবাদিক সুৰক্ষা মঞ্চৰ যিকোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰি সহায় সহযোগিতা অাগবঢ়াই যাম বুলি ৰাইজৰ অাগত জনায়৷ সাংবাদিক দিব্যজ্যোতি লাহনে অাঁতধৰা অনুষ্ঠানত লাহোৱাল প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ধৰণী গগৈ, ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি ডেভিদ বৰুৱা, সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া, কাৰ্যনিবাহক সদস্য ৰাহুল চত্রুৱৰ্তী, চাবুৱাৰ সাংবাদিক ৰাজীৱ সিং অাৰু বিশ্বজিৎ ফুকন উপস্থিত থাকে৷