
newsnextone.com | তেজপুৰ টাউনঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ২৪গৰাকী যুৱকে ভাৰতীয় সেনাত ভৰ্তি হবলৈ সক্ষম হৈছে৷ ২৪গৰাকী যুৱকক সেনা ভৰ্তি হ’ব পৰাকৈ যোগ্য কৰি তোলা চাৰিদুৱাৰস্থিত সেনা ছাউনীৰ বিষয়া আৰু আন আন সেনা জোৱানক দেওবাৰে চাৰিদুৱাৰ সীমান্ত মিলন সংঘত সম্বৰ্ধনা যাচে ৰাইজে৷
ভাৰতীয় সেনাই নিৱনুৱাসকলক সংস্থাপন দিব পৰাকৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰশিক্ষণ দি আহিছে৷ সমানে আজিৰ প্ৰজন্মক আৰক্ষী-অসামৰিক, সামৰিক বাহিনীত যোগদান কৰাৰ বাবে সক্ষম কৰিবলৈ বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে শোণিতপুৰৰ চাৰিদুৱাৰত৷ উগ্ৰপন্থীক দমনত অধিক সহজ হ’ব পৰাকৈ থলুৱা যুৱক-যুৱতীৰ নিয়োগ আৰু নিৱনুৱা সমস্যা সমাধানৰ বাবে ভাৰতীয় সেনাই এই উদ্যোগ গ্ৰহণ কৰে৷
চাৰিদুৱাৰস্থিত সেনা ছাউনীয়ে অনুষ্ঠিত কৰা বিশেষ প্ৰশিক্ষণ শিবিৰত মুঠ ২৭গৰাকী যুৱকে অংশ গ্ৰহণ কৰিছিল যদিও ইয়াৰে ২৪গৰাকীয়ে সেনাত নিয়োগ লাভ কৰে৷ যাৰ বাবে সৰুৰে পৰাই অতিকষ্টৰে ডাঙৰ-দীঘল কৰা অভিভাৱকসকলৰ মুখত হাঁহি বিৰিঙি উঠে। দেশৰ হকে সেৱা কৰি যাবলৈ উৎসাহ প্ৰদান কৰাৰ লগতে আগন্তুক দিনত পুনৰ এনে ধৰণৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ আহ্বান জনাই অঞ্চলটোৰ ৰাইজে৷
জানিব পৰা মতে, ২২৪ আর্টিলাৰি নিয়োগ শিবিৰৰ পূৰ্বে চাৰিদুৱাৰস্থিত সেনা ছাউনীয়ে যুৱক-যুৱতীসকলক একত্ৰিত কৰি যোৱা ছেপ্তেম্বৰ মাহৰ পৰা বিভিন্ন প্ৰকাৰৰ বিভিন্ন প্ৰশিক্ষণ দিয়ে৷ শিবিৰত চাৰিদুৱাৰ বালিপৰা মৌজাৰ ২৭গৰাকী যুৱকে অংশ গ্ৰহণ কৰে আৰু সেনাবাহিনীত যোগদানৰ বাবে সাঁজু কৰে৷ ২৭জনৰ ভিতৰত ২৪গৰাকীয়ে বিশ্বাস-একাগ্ৰতাৰ বাবে সেনাবাহিনীৰ নিয়োগ শিবিৰত সফলতা লাভ কৰে৷ যুৱকসকলক প্ৰায় ৮মাহ প্ৰশিক্ষণ দিছিল সেনা ছাউনীত৷
দেওবাৰে দিনৰ ১১ বজাত ৰাজ দৰ্জি, ভৱেশ চক্ৰৱৰ্ত্তী, প্ৰাঞ্জল বৰা, সৰ্বজিৎ দাস, সাংবাদিক ৰিতুপৰ্ণ চক্ৰৱৰ্তী সহযোগত ২২৪ সেনাবাহিনীৰ উদ্যোগত চাৰিদুৱাৰ সীমান্ত মিলন সংঘত গনেশ দাসৰ সঞ্চলনাত অনুষ্ঠিত এখন সভাত সেনাত ভৰ্তি হোৱা যুৱকসকলক আৰু সেনা বিষয়াক সম্বৰ্ধনা যাচে ৰাইজে৷
সভাত ২২২ আৰ্টিলেৰিৰ কামাণ্ডিং বিষয়া বিনোদ শৰ্মা, চুবেদাৰ মেজৰ কেভিয়াৰ, হাবিলদাৰ এচ কে ঝাৰ লগতে কেইবাজনো শিৰ্ষস্থানীয় জোৱান আৰু অসম সেনাৰ জিলা সংগঠক ৰাজনিশ শইকীয়া, সমাজ সেৱক অমূল্য গোস্বামী, ৰিমাঞ্জলী হাজৰিকাকে ধৰি শতাধিক ৰাইজ উপস্থিত থাকে৷ ৰাজনিশ শইকীয়াই ২২৪ সেনা বাহিনীৰ জোৱানসকলৰ প্ৰচেষ্টাক শলাগ লয়।
অনুষ্ঠানত সেনা বিষায়-জোৱানসকলক গোমোচা, শৰাই আৰু জাপিৰে সম্বৰ্ধনা যাচে ৰাইজে৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এখন পত্ৰৰ জৰিয়তে সেনাৰ এই পদক্ষেপক শলাগ লয়৷ ৰাইজে সমূহ প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেশৰ হকে নিষ্ঠাৰে সেৱা কৰি যাবলৈ আহ্বান জনায়।