
কাজিৰঙাঃ এগৰাকী সফল আৰক্ষী বিষয়া ৰূপে চৰ্চা লাভ কৰা আৰক্ষী বিষয়া দেৱেন বৰাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গামোচা পিন্ধাই সোমবাৰে৷ দুই মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে সফলতাৰে কাম কৰাৰ ববাে বৰাক মুখ্যমন্ত্ৰীয়ে শলাগ লৈ শুভেচ্ছা যাচে৷
যোৱা ৬ এপ্ৰিলত কাজিৰঙাত দেৱেন বৰাৰ নেতৃত্বত চলা অভিযানত সংঘৰ্ষত নিহত হৈছিল গঁড় চিকাৰী৷ চিকাৰীয়ে উদ্যানত প্ৰৱেশৰ পাছতেই গুলীত ধৰাশায়ী হৈছিল চোৰাং চিকাৰী৷ যাৰ বাবে আৰক্ষী বিষয়া দেৱেন বৰাই কৰি অহা কামৰ বাবে সোমবাৰে কাজিৰঙাত উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
কাজিৰঙাৰ আৰক্ষী-প্ৰশাসন-বনবিষয়াৰ সৈতে বৰগছ ৰিচৰ্টত চলা আলোচনাৰ অন্তত কৃষি মন্ত্ৰী অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰী সোণোৱালে যোৱা ৬ এপ্ৰিলত কাজিৰঙাৰ বুঢ়াপাহাৰত চিকাৰীৰ সৈতে সাহসিকতাৰে যুঁজ দিয়া জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বৰাক অভিনন্দন জনায়।
উল্লেখ্য যে, গঁড় চিকাৰীৰ বাবে আৰক্ষী বিষয়া দেৱেন বৰা একপ্ৰকাৰ মূৰৰ কামোৰণি হৈ পৰিছে। ২০১৪ বৰ্ষত জখলাবন্ধা আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰা দেৱেন বৰাই বৰ্তমান পৰ্যন্ত ২৫৩জন চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিছে। তদুপৰি, চিকাৰীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।