খাৰুপেটীয়াত শ্ৰমিকে সম্বৰ্ধনা যাচিলে বিশিষ্ট নাগৰিকক

খাৰুপেটীয়াঃ দৰং জিলাৰ পূৱ মঙলদৈ বেচৰকাৰী পৰিবহন সন্থাই বিভন্ন কাৰ্যসূচীৰে শ্ৰমিক দিৱস উদযাপন কৰে মঙলবাৰে। দিনৰ ১১ বজাত খাৰুপেটীয়াৰ মেজেষ্টিক বাছ আস্থানত সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সভাপতি নুৰুল হক তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। 

জিয়াউল হকে সভাৰ উদ্দেশ্য বাখ্যা কৰা সভাত বিশিষ্ট অতিথি হিচাপে খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা আব্দুল কৰিম আৰু সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সৰ্বেশ্বৰ দাসে উপস্থিত থাকি শ্ৰমিক সকলৰ প্ৰাপ্য মজুৰি তথা বিভিন্ন দিশৰ ওপৰত পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়।

সভাত অঞ্চলটোৰ জ্যেষ্ঠ সাংবাদিক মেছেৰ আলী, অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমান, প্ৰমোদ ৰঞ্জন সাহা আৰু সমাজ কর্মী ননী গোপাল সাহাক শৰাই, মানপত্ৰ, ফুলাম গামোচাৰে সম্বৰ্ধনা যাচে শ্ৰমিকসকলে৷