বাইদেউক বিদায় দি কান্দিলে ছাত্ৰ-ছাত্ৰীয়ে

newsnextone.com | নগাঁওঃ সতীৰ্থ শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ আপোন বাইদেউগৰাকীয়ে বিদায় লব এই কথা সহজে লব পৰা নাছিল৷ সেই মুহূৰ্তলৈ অপেক্ষা হয়তো কৰা নাছিল ছাত্ৰ-ছাত্ৰীয়ে সতীৰ্থই৷ কিন্তু অন্তিম মুহূৰ্তত সেই সময় আহি পালে৷ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ অন্যতম পুৰণি অগ্ৰণী শিক্ষানুষ্ঠান নসত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত নিষ্ঠা আৰু একাগ্ৰতাৰে সেৱা আগবঢ়াই অহা অৰুণা হাজৰিকাই যোৱা ৩১ মে’ত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ 

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীক এক আবেগিক পৰিবেশত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অশ্ৰুসিক্ত নয়নেৰে শৰাই, মানপত্ৰ, ধৰ্মীয় গ্ৰন্থ আৰু ফুলাম গামোচাৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে৷ 

১৯৯৪ চনৰ ১৮ জানুৱাৰীত সহকাৰী শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে পদোন্নতি লাভ কৰি নিজৰ কৰ্ম দক্ষতাৰ বলত বিদ্যালয়ৰ লগতে স্থানীয় অঞ্চলত এটি সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷ আইভেটী ডি কে উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক বাপধন মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ এখন সভাত বুধবাৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সম্বৰ্ধনা যাচে৷

বিদ্যালয়ৰ নৱ নিযুক্ত প্ৰধান শিক্ষক ভবেন্দ্ৰ নাথে আঁত ধৰা সভাত জ্যেষ্ঠ শিক্ষয়িত্ৰী পাৰিজাত নাথ, সহকাৰী শিক্ষক পুষ্প্ৰেন্দ্ৰ কাকতি, নিতাৰাণী গোস্বামী, বিৰজা বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ইন্দ্ৰ মোহন বৰাই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ জীৱনাদৰ্শ আৰু কৰ্মৰাজীৰ ওপৰত বক্তব্য প্ৰদান কৰে৷ সভাত বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয়ৰ মাতৃগোট, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাবককে ধৰি দুই শতাধিক লোক উপস্থিত থাকে৷