মালেছিয়াৰ চিথি গ্লোবেলে কটনৰ ছাত্ৰ হিৰণ্যক প্ৰদান কৰিলে বিশেষ সন্মান

বিহালীঃ সমগ্ৰ বিশ্বত শান্তি কৈনেকৈ আহিব৷ এই চিন্তা চৰ্চা আৰম্ভ কৰিছে বিশ্বৰ বিভিন্ন আগশাৰীৰ সংস্থাই৷ বিভিন্ন কৰ্মশালা, আলোচনা চক্ৰ অনুষ্ঠিত কৰি বিশ্বত শান্তিৰ পথ উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ, দৰিদ্ৰতা, ঘৰুৱা হিংসা, অবিশ্বাস, হত্যা, ধৰ্ষণ আদিয়ে সমাজ খনত অশান্তিয়ে গা কৰি উঠিছে৷ বিশ্ব শান্তিৰ বাবে যুৱ সমাজৰ কৰণীয় কি? এই ক্ষেত্ৰটো চিন্তা চৰ্চা আৰম্ভ হৈছে৷

তাৰ মাজতে মালেছিয়াত যোৱা ২৭ ডিচেম্বৰত অনুষ্ঠিত হয় বিশ্ব শান্তিৰ যুৱ সন্মিলন৷ এই সন্মিলনত ভাৰত হৈ প্ৰতিনিধিত্ব কৰে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰ হিৰণ্য হাজৰিকাই৷ সন্মিলনত হিৰণ্যই একমাত্ৰ ভাৰতীয় প্ৰতিনিধি হিচাপে আমন্ত্ৰণ লাভ কৰিছিল। হিৰণ্যই বিশ্ব শান্তিৰ বাবে যুৱ সমাজৰ কৰণীয়ৰ সন্দৰ্ভত বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰি উপস্থাপন কৰে।

তিনিখন দেশৰ প্ৰতিনিধি উপস্থিতিত অনুষ্ঠিত হোৱা সন্মিলনত ভাৰত, মালেয়ছিয়া আৰু ছিংগাপুৰে অংশগ্ৰহণ কৰে। যোৱা ৩০ ডিচেম্বৰৰ সন্ধিয়া মালেয়ছিয়াৰ অমন চাৰি ৰিজৰ্টত অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত হিৰণ্যক The Award of Appreciation and Recognition শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰে মালেছিয়াৰ অন্যতম সংস্থা "চিথি গ্লোবেল" নামৰ সংস্থাটোৱে।

হিৰণ্যই বক্তৃতা প্ৰদান কৰি প্ৰশাংসা লাভ কৰে৷ হিৰণ্য বৰ্তমান অগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্নিং ক্লাবৰ স্বাস্থ্য, শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব। হিৰণ্য বিশ্বনাথৰ বেদেতী নিবাসী অভিযন্তা ৰমেশ হাজৰিকা আৰু লক্ষী হাজৰিকাৰ পুত্ৰ।