জামুগুৰি বাপুজি উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ সভা

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ জামুগুৰি বাপুজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে এখন বিশেষ সভা অনুষ্ঠিত হয়৷ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সভাত অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দুলাল চন্দ্ৰ নাথক আনুষ্ঠানিকভাবে বিদায় জনোৱা হয়৷

বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনোদ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিদ্যালয়ৰ সহকাৰী শিক্ষক দীগেন চন্দ্ৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰে৷ সভাত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক দেবেন চন্দ্ৰ নাথ, সহকাৰী শিক্ষক অৰুণ বৰা, জ্যোতি প্ৰসাদ বৰা, ব্ৰজেন নাথ, বিপিন নাথ, তিলোত্তমা দেৱী, ভাৰতী দেৱীকে প্ৰমুখ্য কৰি বহুকেইজন লোকে দুলাল চন্দ্ৰ নাথৰ কৰ্ম জীৱনৰ সন্দৰ্ভত আলোকপাত কৰে৷

সভাত স্থায়ী সভাপতি জগদীশ নাথৰ শুভেচ্ছামূলক ভাষণ পাঠ কৰে ৰুমী শৰ্মাই। সভাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীক এখন ফুলাম গামোচা, শৰাই আৰু প্ৰশস্তি পত্ৰৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে৷