
চাবুৱাঃ ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ডিব্ৰুগড় জিলাৰ চাবুৱাৰ এগৰাকী কিশোৰীক মঙলবাৰে দল-সংগঠনে আদৰণী জনায়৷ চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী বৰ্ষা গগৈক দল-সংগঠনে সম্বৰ্ধনা যাচে৷ দেশৰ শ্ৰেষ্ঠ শিশু বিজ্ঞানীৰ কৃতিত্ব অৰ্জন কৰাৰ পিছতেই গৃহভূমি চাবুৱাত মঙলবাৰে উপস্থিত হয় বৰ্ষাই৷
যোৱা ২৭ ডিচেম্বৰৰ পৰা গুজৰাটৰ আহমেদাবাদত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰূপালী জয়ন্তী সমাৰোহত অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠে চাবুৱাৰ শিশু বিজ্ঞানী বৰষা গগৈয়ে। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ৰূপালী জয়ন্তী সমাৰোহ অংশ লৈ শিশু বিজ্ঞানীগৰাকী নিজ গৃহত উপস্থিত হোৱাৰ পিছতে অঞ্চলটোৰ লোকসকলে ছাত্ৰী বৰ্ষাক আদৰিবৰ বাবে দল-সংগঠন, শিক্ষক-শিক্ষয়ত্ৰী আৰু অঞ্চলটোৰ সচেতন ৰাইজ বৰ্ষাৰ গৃহক উপস্থিত হয়৷
মঙলবাৰে পুৱা ১০ বজাত শিশু বিজ্ঞানীগৰাকীক মটক যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, শিক্ষক-শিক্ষয়ত্ৰীসকলে শিশু বিজ্ঞানীগৰকীক গামোচা পিন্ধাই ব্যাপক উলহ-মালহেৰে আদৰণি জনাই। বহনক্ষম উন্নয়ণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা-বিশেষভাৱে সক্ষম লোকৰ সুগম্যতা' শীৰ্ষক বিষয়ৰ ওপৰত ৰাষ্ট্ৰজুৰি উদযাপন হৈ থকা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বিস্তৃত কাৰ্যসূচীৰে পৰ্যায়ক্ৰমে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ পৰা সুখ্যাতিৰে নিৰ্বাচিত হয় ৰাজ্য খনৰ পৰা৷
প্ৰতিভাৱান শিশু বিজ্ঞানীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্ষায়ত সমগ্ৰ ভাৰতৰ লগতে উপসাগৰীয় আৰু দক্ষিণ-পূব এছিয়াৰ ৬৩৮ গৰাকী শিশু বিজ্ঞানীৰ সৈতে বিজ্ঞান প্ৰকল্প উপস্থাপনত অৱতীৰ্ণ হৈ চুড়ান্ত পৰ্যায়ত দেশৰ ১৫গৰাকী শেষ্ঠ শিশু বিজ্ঞানীৰ অন্যতমৰূপে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। জিতুপ্ৰসাদ গগৈৰ তত্বাৱধানত প্ৰস্তুত কৰা বিজ্ঞান প্ৰকল্পটোৰ বিষয় আছিল 'বিশেষভাৱে সক্ষম লোকৰ বাবে এক পঢ়াৰ সঁজুলি উদ্ভাৱন'। দেশ-বিদেশৰ প্ৰসিদ্ধ বিজ্ঞানী আৰু উদ্ভাৱকসকলৰ দ্বাৰা গঠিত বিচাৰমণ্ডলিৰ প্ৰথম পৰ্যায়ৰ বাছনিৰ ৫১ গৰাকী শিশু বিজ্ঞানীৰ ভিতৰত অসমৰ ছগৰাকী শিশু বিজ্ঞানীৰ প্ৰকল্প নিৰ্বাচিত হৈছিল।