বেছামাৰীত শৈক্ষিক সভা ‘মুখস্থ বিদ্যাই ছাত্ৰ-ছাত্ৰীক উপকৃত নকৰে’

নগাঁওঃ নগাঁও জিলাৰ ধিং বিধান সভা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল বেছামাৰীত মঙলবাৰে শিক্ষা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়৷ মাগুৰমাৰী বিলপাৰ প্ৰাথমিক বিদ্যালয় আৰু মাগুৰমাৰী বিলপাৰ এন আলী এম ই মাদ্ৰাছা কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিৰ উদ্যোগত বেছামাৰী গাঁৱৰ গাঁওবুঢ়া ছিদ্দিক আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা খন৷

শিক্ষক  মোস্তাফা ছালিম আহমেদে আতঁ ধৰা সভাত ২০১৬-১৭ বৰ্ষত প্ৰাথমিক আৰু উচ্চ মাধ্যমিকত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত বৃত্তি লাভ কৰি গ্ৰাম্য অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা লোকমান হেকিম, ছামিয়া জালাল, (এল পি) আৰু ৰূপচান বাছা, শ্বাহ নৱাজক (এম ই) সম্বৰ্ধনা জনায়। সভাত সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সদস্য নিতুমণি গোস্বামী উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক মুখস্থ বিদ্যাই ছাত্ৰ ছাত্ৰীক উপকৃত নকৰে বুলি কয়।

প্ৰতিযোগিতাৰ যুগত আগুৱাই যাবলৈ হলে সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যাব লাগিব বুলিও কয়। শিক্ষা গ্ৰহণ কৰা আৰু শিক্ষা প্ৰদান কৰা দুয়োটাই পবিত্ৰ কাম। শিক্ষাৰ মাধ্যমৰেহে আমাৰ সমাজ ব্যৱস্থাক পৰিৱৰ্তন কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলক গুণগুত শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈও আহ্বান জনাই গোস্বামীয়ে।

সভাত সদৌ অসম স্বীকৃতি প্ৰাপ্ত মধ্য ইংৰাজী শিক্ষক সন্থাৰ সাধাৰণ  সম্পাদক শ্বেখ আব্দুল্লাই বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ যুগত ছাত্ৰ-ছাত্ৰীসকলে কম্পিউটাৰৰ লগত সময়ে সময়ে ফেৰ মাৰি চলিব লাগিব বুলি কয়। তেতিয়াহে তেওঁলোক একো একো জন উচ্চ শিক্ষিত হৈ দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হব বুলি কয়।

সভাত সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দিলদাৰ হুছেইন, সদৌ অসম ইমাম পৰিষদৰ প্ৰাক্তন সভাপতি মৌলানা আব্দুল হামিদ বুলবুলি, সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  মোস্তাফা ছালিম আহমেদ, সম্পাদক আশ্বাদুল হক চৌধুৰী সহ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে ভাষণ প্ৰদান কৰে।

সভাত কৃতী ছাত্ৰসকলক ৭০০০ হাজাৰ টকাৰ চেক, অসম চৰকাৰৰ বিশেষ প্ৰমাণ পত্ৰৰ লগতে মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলাৰ কাৰ্যকৰী সমিতিৰ সভাপতি জালাল উদ্দিন  আহমেদ, সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ নগাঁও জিলাৰ সভাপতি আনচাৰুল হক, হবিবুৰ ৰহমান আৰু ফিৰুজ খানৰ লগতে অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে।