
নগৰবেৰাঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিস্থ ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ এম আব্দুল মজিদে ৩০ ছেপ্তেম্বৰ তাৰিখে কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।
সেই উপলক্ষে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি ফখৰ উদ্দিন আলী আহমেদৰ সভাপতিত্বত বিদ্যালয়ত সম্বর্ধনা সভা অনুষ্ঠিত হয়।
সভাত অধ্যক্ষ এম আব্দুল মজিদক ফুলাম গামোচা, কলম, কিতাপৰ টোপোলা আদিৰে সম্বর্ধনা জনোৱা হয়।
উল্লেখ্য যে, তেওঁ ১৯৮১ চনৰ ২১ জানুৱাৰী তাৰিখত উক্ত বিদ্যালয়ত সহ শিক্ষক হিচাপে যোগদান কৰে আকৌ ১ ডিচেম্বৰ ২০১২ত ভাৰপ্ৰাপ্ত অধ্যক্ষ পদত অধিষ্ঠিত হৈ ২ মে ২০১৭ত পূৰ্ণ পৰ্যায়ৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল।
আনহাতে সিদিনাই বিদ্যালয়খনৰ হিন্দী শিক্ষক জলিম উদ্দিনেও অৱসৰ গ্ৰহণ কৰে।